অসম যুৱ অলিম্পিকত আশাৰ ফলাফল মাজুলীৰ খেলুৱৈ, উপযুক্ত আন্তঃগাঠনিৰ অভাৱত অন্য জিলাৰ সহায়ত বহু প্ৰতিভাসম্পন্ন খেলুৱৈ চলাইছে অনুশীলন

21
অসম যুৱ অলিম্পিকত আশাৰ ফলাফল মাজুলীৰ খেলুৱৈ, উপযুক্ত আন্তঃগাঠনিৰ অভাৱত অন্য জিলাৰ সহায়ত বহু প্ৰতিভাসম্পন্ন খেলুৱৈ চলাইছে অনুশীলন
দুৰ্নীতিৰ দৰ্পণ , উজনী মাজুলী , ২ আগষ্ট : যোৱা ২৭ জুলাইত সফলতাৰে সম্পন্ন হোৱা প্ৰথম অসম যুৱ অলিম্পিকৰ কাৰ্যসূচীত বিভিন্ন জিলাৰ লগতে মাজুলীৰ খেলুৱৈসকলেও আশাৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । নূন্যতম সুবিধা লাভ নকৰা স্বত্বেও মাজুলীৰ বহু খেলুৱৈ এই খেলত উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হোৱা ঘটনাই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ লগে লগে মাজুলীৰ ক্রীড়াক্ষেত্ৰৰ সম্পৰ্কে পৰ্য্যালোচনা কৰাৰ সময় আহি পৰিছে বুলি সচেতন ক্ৰীড়া সংগঠক তথা খেলুৱৈ সমাজৰ মাজত চৰ্চা আৰম্ভ হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৱা পাঁচটা বছৰ মাজুলীক প্ৰতিনিধিত্ব কৰা সময়তো কোনো ক্ৰীড়াক্ষেত্ৰৰ উন্নত আন্তঃগাঠনি গঢ়ি তুলিব নোৱাৰিলে । যাৰ ফলত মাজুলীৰ বহু প্ৰতিভাশালী খেলুৱৈ আন জিলাৰ সহায়ত প্ৰশিক্ষণ লৈ অংশগ্ৰহণ কৰিব লগা ঘটনা হৈছিল অসম যুৱ অলিম্পিক ক্ৰীড়া সমাৰোহত । মাজুলীৰ জেংৰাই বালি চাপৰি ৰোহন পেগুয়ে এই যুৱ অলিম্পিক খেলত অংশগ্ৰহণ কৰি জেপলিনত সোণৰ পদক আৰু ডিচকাচ ট্ৰত ব্ৰণ্জ্ঞ পদক লাভ কৰিবলৈ সক্ষম হৈছে । এইগৰাকী প্ৰতিভা সম্পন্ন খেলুৱৈ উন্নত আন্তঃগাঠনিৰ অভাৱত তিনিচুকীয়াত অনুশীলন কৰি মাজুলী দলৰ হৈ অসম যুৱ অলিম্পিকত অংশগ্ৰহণ কৰিছিল । একেদৰে ৩০০০ মিটাৰ দৌৰত ব্ৰন্জ পদক লাভ কৰা বনৰীয়া চাপৰি গাঁৱৰ সুমন মিলিয়ে যোৰহাটৰ তীয়কত অনুশীলন কৰি মাজুলীৰ হৈ অংশগ্ৰহণ কৰে । ইপিনে , দুগৰাকীকৈ মাজুলী জেংৰাইমুখ কুমাৰবাৰী গাঁৱৰ সুকন্যা খেলুৱৈ ক্ৰমে মমতা দলে ডিচকাচ আৰু অমিশা পেগু চটফুট খেলত তিনিচুকীয়া জিলাৰ হৈ খেলি নিজা নিজা শাখাত সোণৰ পদক অৰ্জন কৰি তিনিচুকীয়া জিলালৈ গৌৰৱ আনি দিছে । জেংৰাইমুখ চেৰপাই গাঁৱৰ ক্ৰমে ৰেস্না পেগুয়ে দুশ মিটাৰ দৌৰত চিলভাৰ পদক আৰু কুমাৰবাৰী গাঁৱৰ  সন্জ্ঞীৱ দলেই পোন্ধৰ শ মিটাৰ দৌৰত ব্ৰন্জ্ঞৰ পদক লাভ কৰে । কাৰাটে খেলত ৫ টা পদক আৰু নৌকা চালনা খেলত চিলভাৰ পদক লাভ কৰি মাজুলী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । ইফালে , ৰেস্না পেগুয়ে ১৬ বছৰ অনুৰ্দ্ধৰ আৰু লক্ষীমতী দলেই ২০২১ বৰ্ষত ১৮ বছৰ অনুৰ্দ্ধৰ দৌৰ খেলত অসম দলক প্ৰতিনিধিত্ব কৰি নতুন দিল্লীত খেলিছিল । ইপিনে , জেংৰাইমুখ বৰপমুৱা গাঁৱৰ কৃষ্ণামনি পেগুয়ে চটফুট খেলৰ অনুশীলন বৰ্তমান নাজিৰাত চলাই  আছে । এনে পৰিপ্ৰেক্ষিতত মাজুলীত যে প্ৰতিভা সম্পন্ন খেলুৱৈৰ অভাৱ নাই এই কথাকে প্ৰমাণিত কৰিছে । এই প্ৰতিভাশালী খেলুৱৈক আগবঢ়াই নিয়াৰ বাবে  প্ৰয়োজন হৈছে উন্নত আনঃগাঠনিৰ নিৰ্মাণ কৰাৰ । বিশেষকৈ খেলৰ বাবে প্ৰচুৰ সম্ভাৱনাৰ থলী জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ আন্তঃগাঠনি উন্নত কৰাৰ বাবে অত্যন্ত প্ৰয়োজন । কিন্তু সংলিষ্ট কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰৰ অমনোযোগিতাৰ বাবে সামান্যভাৱে বৰষুণ দিলেই এই ক্ৰীড়া প্ৰকল্প পানীত বুৰ যায় । এইলৈ ক্ৰীড়া সংগঠক তথা প্ৰতিভাসম্পন্ন খেলুৱৈৰ বাবে বাধা আহি পৰিছে । এইক্ষেত্ৰত মাজুলী জিলা ক্রীড়া সন্থাই মাজুলীৰ বিভিন্ন ক্ৰীড়াক্ষেত্ৰ উন্নত আন্তঃগাঠনি তথা উপযুক্ত সা-সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যদিও কোনো সুফল নাপাই অসহায় হৈ পৰিছে । ক্রীড়া সন্থা পৰিচালনা কৰাৰ বাবে নূন্যতম পুজিঁৰো অভাৱ বুলি জানিব পৰা গৈছে । খেলুৱৈৰ আন্ত-গাঠনি , সা- সুবিধাৰ কথা চিন্তা কৰাতো দূৰৰে কথা খেলুৱৈ সকলক টুৰ্ণামেন্টত পঠাবলৈ বহু চিন্তা কৰিব লগা ঘটনা সংঘটিত হৈ আহিছে । মাজুলীৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্ত-গাঠনি আৰু খেলুৱৈ সকলৰ সা-সুবিধা প্ৰদানৰ জৰিয়তেহে অসমৰ ক্রীড়া ক্ষেত্রখন আগুৱাই নিব পৰাকৈ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো এখোজ আগলৈ গৈ দুখোজ পিছ সুহুকিব লগা হৈছে । দেখা যায় যে , য’ত জিলা ক্রীড়া সন্থা আৰ্থিক বাবে সবল আৰু সক্ৰিয় সেইবোৰ জিলাৰ খেলুৱৈ বৰ্তমান আগুৱাই যাবলৈ সক্ষম হৈছে । মাজুলীৰ প্ৰতিভা সম্পন্ন খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ক্ষমতাত থকা দায়িত্বশীল ব্যক্তিগৰাকী , অসম চৰকাৰৰ জিলা ক্রীড়া বিভাগ আৰু মাজুলী জিলা ক্রীড়া সন্হাই একলগ হৈ জিলা ক্রীড়াক্ষেএ খনক আগুৱাই নিবলৈ পদক্ষেপ গ্ৰহণ কৰাটো মাজুলীৰ ক্ৰীড়া প্ৰেমী ৰাইজে আশা প্ৰকাশ কৰিছে ।