অসম যুৱ অলিম্পিক সন্থাৰ শিখা বৰপেটাত উপস্থিত , বৰপেটাৰ ৫০ জনীয়া দলে অংশ লব যুৱ অলিম্পিকত 

35
অসম যুৱ অলিম্পিক সন্থাৰ শিখা বৰপেটাত উপস্থিত , বৰপেটাৰ ৫০ জনীয়া দলে অংশ লব যুৱ অলিম্পিকত
দুৰ্নীতিৰ দৰ্পণ সেৱা , উত্তৰ বৰপেটা , ২০ জুলাইঃ ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’বলগীয়া যুৱ অলিম্পিক শিখা আজি বৰপেটাত উপস্থিত হয় ৷ অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিচাৰ নেতৃত্বত অলিম্পিক শিখা বহন কৰি বৰপেটাত উপস্থিত হোৱাৰ পিচতে চহৰখনৰ মাজেৰে শিখা কঢ়িয়াই সমদল উলিওৱা হয় ৷ অলিম্পিক শিখা আদৰণি অনুষ্ঠানত বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস , বৰপেটা ক্ৰীড়া সন্থাৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ অনুষ্ঠিত হ’ব লগা অসম যুৱ অলিম্পিকত ৩৩ টা ইভেন্টত ৪ হাজাৰ খেলুৱৈয়ে অংশ ল’ব ৷ যুৱ অলিম্পিকত বৰপেটাৰ ৫০ জনীয়া এটা দলে অংশ ল’ব ৷ কাৰাটে, খো খো, এথলীট আৰু ভলীবলৰ মুঠ চাৰিটা ইভেন্টত বৰপেটাৰ খেলুৱৈয়ে অংশ লব ৷