অসম সীমান্তৱৰ্তীৰ চাওঁতাল সকলৰ সমস্যা আৰু সমাধানৰ আত বিচাৰি 

136
অসম সীমান্তৱৰ্তীৰ চাওঁতাল সকলৰ সমস্যা আৰু সমাধানৰ আত বিচাৰি
লেখকঃ শ্ৰীৰমেশ চন্দ্ৰ চৰেণ
বিশ্বনাথ চাৰিআলি(বালিচাং)
ভ্ৰাম্যভাষঃ9435602425/9954834641
ভাৰতবৰ্ষ তথা অসমৰ ভুমিপুত্ৰ চাওঁতাল জনগোষ্ঠী অষ্টিক গোষ্ঠীৰ অনাৰ্য বংশোদ্ভৱ ৷ নানাবিধ খাদ্য , বাসস্থানৰ উৎস বিচাৰি পোৱা ওতপ্ৰোতভাবে সম্পৰ্ক থকা ভুপ্ৰকৃতিৰ সীমান্তৱৰ্তীৰ পাহাৰ , পৰ্বত তথা ভৈয়ামৰ পাদদেশত পুৰ্বৰে পৰাই বসবাস কৰি আহিছে ৷ জনজাতীয় মুলৰ এই জনগোষ্ঠীয়ে “সাৰি-সাৰণা’অৰ্থাৎ(প্ৰকৃতি) ধৰ্মৰ নীতি বিধিৰে গছ ,পাহাৰ , পৰ্বত আৰু নিৰাকাৰ শক্তিক যুগ যুগান্তৰ ধৰি পুজা সংবৰ্ধনা কৰি আহিছে ৷ “মাৰাং বুৰু” (সৃষ্টিকৰ্তা অনাৰ্য দেৱ শিৱ ৰূপত)পুজা উপাসনা কৰাৰ লগতে চিংবংগা , চাৰহুল , কৰমপুজাও কৰা দেখা যায় ৷ অষ্টিক গোষ্ঠীৰ অনাৰ্য বংশোদ্ভৱ চাওঁতাল সকলেহে প্ৰথম ভাৰতত জনজাতীয় সংস্কৃতিৰ গঢ় দিছিল ৷ প্ৰকৃতি ঋতুৰ অনুকুলে বিভিন্ন সংস্কৃতিৰ সৃষ্টি হৈ অহা চাওঁতালী সকলৰ মাজতো বিৰাজমান ৷ উদাহৰণ স্বৰূপে ভুপ্ৰকৃতিৰ ঋতুভেদে উত্তৰণ ঘটা ঋতুকালীন উৎসৱলৈ পৰিণত হোৱা চাওঁতালীৰ “বাহা” সংস্কৃতিৰো সৃষ্টি হয় প্ৰকৃতিৰ উপলক্ষ্যত ৷ প্ৰকৃতিয়ে ৰূপ সলোৱা গছৰ ন-পাত ফুলেৰে সজ্জিত বসন্তৰ ঋতুক “বাহা” পৰৱ ৰূপে আদৰণি জনাই পৰম্পৰাগত পুজা পাৰ্বন উদযাপনেৰে ৷ আনহাতে , ভাগৱতৰ জ্ঞান মঞ্জুৰীত উল্লেখ থকা চাওঁতাল সকল হল পাহাড়ীয়া জাতি ৷ জীৱই চৌৰাশী  লক্ষ যোনি ভ্ৰমণ কৰাৰ পাছত সৰ্বশেষত মনুষ্য যোনিৰ পাহাড়ীয়া চাওঁতাল জনগোষ্ঠী লোকৰ উৎপত্তি হয় ৷ হিন্দু ধৰ্মৰ জন্মান্তৰবাদ অনুসৰি ক্ৰমাগত তেওঁলোকৰ ধৰ্ম কৰ্মৰ সংস্কাৰ অনুযায়ী উন্নত স্তৰত জন্ম পাই বুলি প্ৰবাদ আছে ৷ পাহাড়ীয়া চাওঁতাল জনগোষ্ঠীয়ে প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবৰ বাবে কাল্পনিক শক্তিকো মান্য কৰা পৰিলক্ষিত হয় ৷ চিকাৰ হল তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ৷ এসময়ত চিকাৰ বৃত্তিৰে পেট প্ৰৱৰ্তাইছিল ৷ মাছ, মাংস , ফল মুল তেওঁলোকৰ প্ৰিয় খাদ্য ৷ লগতে চাউলেৰে বনোৱা সুৰা সদৃশ পনীয়ও ৷ আদিম চাৰিত্ৰিক লক্ষন থকা চাওঁতাল সকলে অভিষ্ট সিদ্ধিকাৰী ভগৱানক তেওঁলোকৰ প্ৰিয়খাদ্যৰে পবিত্ৰ মনেৰে পুজা অৰ্চনা কৰি অৰ্পন কৰে ৷ হাঁহ , কুকুৰা , ছাগলী আদিৰে বলি বিধান প্ৰথাৰে পুজাভাগ সম্পন্ন কৰাৰ অন্তত ভগৱানক অৰ্পন কৰা জীৱ জন্তুৰ মাংসৰে নানাবিধ সুস্বাদু ব্যঞ্জন আৰু পনীয়ৰে প্ৰসাদ ৰূপে গ্ৰহন কৰে ৷ তন্ত্ৰ মন্ত্ৰত বিশ্বাসী তেওঁলোকৰ পুজা বিধান হিন্দু ধৰ্মৰ কোনো বেদৰ লগত মিল নাই ৷ বেদ বৰ্হিভুত মাংগলিক কাৰ্যাদি সম্পন্ন কৰে চাওঁতাল সকলে ৷ সমাজ আৰু শান্তিপ্ৰিয় চাওঁতাল জনগোষ্ঠীয়ে সীমান্তৱৰ্তীৰ পাহাৰ , ভৈয়ামত বসবাস কৰা সভ্য সমাজৰ পৰা একেবাৰে নিলগত ৷ বৰ্তমান বিশ্বায়নৰ যুগতো আকাশ পাতালৰ দৰে তফাৎ থকা অনগ্ৰসৰতা জনগোষ্ঠীটোৱে অগ্ৰসৰ শাৰীৰ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰাৰ প্ৰৱণতাৰ হেতু কোনো ধৰনৰ উন্নয়ন আৰু বিকাশ সম্ভৱ হোৱা নাই ৷ এই খিনিতে কিছু কথা উল্লেখ কৰাৰ প্ৰয়োজনীয়তা বোধ কৰিছো ৷ মুলতঃ কোল , ভীল চাওঁতাল , মুণ্ডা আদি অষ্টিক গোষ্ঠীৰ আদি বাসস্থান আছিল এচিয়া মাইনৰ ৷ ভাৰতত প্ৰথমে অষ্টিক গোষ্ঠীৰ পদাৰ্পণ ঘটা প্ৰাচীন কান্দাহাৰ হৈ পশ্চিম দিশেৰে অসমত প্ৰৱেশ কৰে ৷ তাৰ পাছতহে অন্য ৰাজ্যত সিচৰিত হৈ পৰে ৷ “কাৰামবিন্তি”ত পোৱা তথ্য অনুসৰি আন এটি দলে কান্দাহাৰৰ পৰা “চাই দিশম” অৰ্থাৎ চীনদেশলৈ প্ৰৱজন ঘটা চাইবেৰিয়াত বসবাস কৰিছিল আৰু থাইলেণ্ড ইন্দোনেছিয়া কাম্বোদিয়া ম্যানমাৰ হৈ অসমত প্ৰৱেশ কৰিছিল ৷ ইতিহাসবিদ হিৰোদটাছে উল্লেখ কৰা অনুসৰি প্ৰাচীন কান্দাহাৰত জনজাতীয় চাওঁতাল , মুণ্ডা , কোল লোকক লগ পাইছিল ৷ হৰপ্পা সভ্যতাৰ সুচনা কৰা পুৰ্বেই ভাৰতত প্ৰৱেশ ঘটা হিৰোদটাছৰ বুৰঞ্জী “চানতাল” শব্দটো ব্যৱহাৰ হৈছিল ৷ (Austric Civilisation of India by N.Hembrom page no 8) আন এক তথ্য মতেও অষ্টিক মুলৰ চাওঁতাল , মুণ্ডা , কোল , ভীল জনগোষ্ঠীটোৰ আদি বাসস্থান ইন্দোচিন ৷ উত্তৰ পুৱেদি অসমত প্ৰৱেশ কৰি বসবাস কৰিবলৈ লয় ৷ উল্লেখ্য যে , পুৰ্বৰ কামৰূপ বা প্ৰাগজ্যোতিষপুৰ মগধলৈকে সীমা থকা চাওঁতাল পৰগণাও অন্তভূক্ত হৈ আছিল ৷ সেয়েহে চাওঁতাল সকলে কামৰু গুৰুৰ সোৱৰণেৰে কামৰূপ কামাখ্যাৰ কথা আজিও মুখে মুখে ৷ অষ্টিক মুলৰ ঠাল চাওঁতাল সকলে চীনদেশৰ হোৱাংহোৰ পাৰৰ ভুমি বিশেষ কাৰনবশত ত্যাগ কৰিব লগা হোৱাত উত্তৰ পুৱ কোণৰ পৰা আহি শদিয়াত থিতাপি লয় ৷ খ্ৰীঃপুৰ্ব ২০৫০ বছৰৰ পৰাই অসমত চাওঁতাল সকলে প্ৰৱেশ কৰা বুলি প্ৰত্নতাত্বিক পণ্ডিত ৰাজমোহন নাথে উল্লেখ কৰিছে ৷ আনহাতে , খাচীয়া সকলেও একে পথেদি অসমত প্ৰৱেশ কৰিছিল ৷ পৰৱৰ্তী সময়ত চুতীয়া সকল আৰু মাঙ্গোলীয়ান ফৈদৰ অন্তৰ্গত অন্যলোক সকল অৰুণাচল হৈ আহি শদিয়াতে বসবাস কৰিবলৈ আৰম্ভ কৰে ৷ এইদৰে পিছৰ চামত অহা লোক সকলৰ দ্বাৰা বিতাড়িত হবলগা হয় চাওঁতাল আৰু খাচীয়াসকল ৷ পৰৱৰ্তী সময়ত খাচীয়াসকলে গুৱাহাটী আৰু খাচীয়া পাহাৰত বসতি স্থাপন কৰে ৷ চাওঁতাল সকলেও অসমৰ বিভিন্ন জিলাত সুবিধাজনক স্থানত বসতি স্থাপন কৰে ৷ খাচীয়া সকলৰ লগত সুসম্পৰ্ক থকা চাওঁতাল সকলৰ মাজত এটা সুসমন্বয়ৰ ভাৱ গঢ়ি উঠে ৷ আনহাতে , ভাষা গোষ্ঠীৰ ফালৰ পৰাও অষ্টিক গোষ্ঠী ভাষা গোষ্ঠীৰ পৰিয়ালেই ভাৰতৰ আটাইতকৈ প্ৰাচীন ভাষা পৰিয়াল ৷ যত অসমকে ধৰি বিভিন্ন ৰাজ্যত সিচৰিত হৈ আছে ৷ চাওঁতাল , মুণ্ডা , কোল, ভীল হল অষ্টিক গোষ্ঠীৰ ৷ এসময়ত খাচীয়া পাহাৰ দাক্ষিণাত্যৰ মালভূমি লগলাগি আছিল ৷ প্ৰাকৃতিক দুৰ্যোগৰ হেতু ঠাই দুখন বেলেগ হৈ পৰে ৷ এনেদৰেই চাওঁতাল সকলে  অসম মিজোৰাম , অৰুণাচল , মেঘালয় , পশ্চিমব্ংগ , বিহাৰ , ঝাড়খণ্ড , উৰিষ্যা , ত্ৰিপুৰাৰ উপৰিও বিভিন্ন ৰাজ্যতো বসবাস কৰা দেখা যায় ৷ অসমত ঘাইকৈ কোকোৰাঝাৰ , চিৰাং , বাক্সা , দৰং, শোনিতপুৰ , বঙাইগাঁও, কামৰূপ কাৰ্বিআংলং , নগাঁও , গোলাঘাট , যোৰহাট , বিশ্বনাথ , শিৱসাগৰ , তিনিচুকীয়া , ধেমাজী , ডিব্ৰুগড়, ওদালগুৰিকে ধৰি প্ৰায়বোৰ জিলাতেই চাওঁতাল সকলে বসবাস কৰি আহিছে ৷ যি কি নহওক সময়ৰ চক্ৰত বিভিন্ন ভাষা গোষ্ঠীৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে ৷ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভায়ো মিচিং মিকিৰ(কাৰ্বি) , কছাৰী .সোনোৱাল , মেচ , খাচী , নগা , লালুং , চুতীয়া , গাৰো , ৰাভা , ডিমাচা , কুকি , চাওঁতাল মনিপুৰী মোচাই দেউৰী বড়ো আহোম টাই মৰাণ , কোচ , খামতি সকলক লৈয়ে অসমীয়া জাতি ৰূপে গঢ় লৈ উঠা বুলি মত প্ৰকাশ কৰিছিল ৷ অষ্টিক ভাষাগোষ্ঠীৰ অন্তৰ্গত চাওঁতাল ভাষা অসমত ঘাইকৈ প্ৰচলিত হৈ আছে ৷ আনকি পঞ্চদশ শতিকাৰ আৰম্ভণিতেই শ্ৰীমন্তশঙ্কৰদেৱৰ কীৰ্তন পুথিৰ “উৰেষা বৰ্ণন” অধ্যায়টোত চাওঁতালী ভাষাৰ উল্লেখ পোৱা যায়  ৷ উল্লেখ্য যে , অসমৰ পুৰণি নাম কামৰূপ আছিল ৷ ডঃ বাণীকান্ত কাকতিৰ মতেও কামৰূপ শব্দটি চাওঁতাল সকলৰ কামৰু শব্দৰ পৰা অহা ৷ মধ্য অসমত বসবাস কৰা চাওঁতাল সকলৰ দশমগুৰু জনা আছিল কামৰু গুৰু  ৷ কামৰু গুৰু জনা প্ৰখ্যাত তান্ত্ৰিক আৰু শাসনকৰ্তাও আছিল ৷ বাৰজন গুৰুৰ ভিতৰত শ্ৰেষ্ঠ গুৰু ৰূপে আজিও পুজা উপাসনা কৰে ৷ মন্ত্ৰসিদ্ধ  শক্তি সম্পন্ন গুৰু আৰু শাসনকৰ্তা কামৰু’ৰ পৰাই কামৰূপ নামৰ উৎপত্তি হয় ৷ (Assamese its for mation and development page 49)ডঃ বাণীকান্ত কাকতিদেৱৰ The Mother Goddess kamakhya নামৰ গ্ৰন্থতো প্ৰাচীন প্ৰাগজ্যোতিষপুৰ নামটো অষ্টিক ভাষা গোষ্ঠীৰ পৰা অহা ৷ প্ৰাগজ্যোতিষপুৰ মানে হল ঘন হাবি জংঘলেৰে ভৰা পাহাৰীয়া অঞ্চল ৷ সেয়েহে অসমৰ আদিম জনগোষ্ঠীৰ ভিতৰত চাওঁতাল সকলেও অন্যতম ৷ পুৰ্বৰে পৰা খিলঞ্জীয়া ভুমিপুত্ৰ হিচাবে বিবেচিত হৈ আহিছে ৷ এইখিনিতে বিষয় এটি  উল্লেখ কৰিব বিচাৰিছো চাওঁতাল সকল আজিও স্বায়ত্ব প্ৰথাৰে চলি আহিছে ৷ পিছৰ পৰ্যায়ত ১৭৮৪ চনত বৃটিছ উপনিৱেশ শাসন শোষনৰ পৰা দেশমাতৃক ৰক্ষা কৰিবৰ বাবে তিলকা মাঝিৰ নেতৃত্বত চাওঁতাল গণ সংগ্ৰামৰ সূচনা হয় ৷ এই আন্দোলন দীৰ্ঘদিন ধৰি অব্যাহত থকা ১৮৫৫/৫৬ চনতো সিধু মুৰ্মু আৰু কানহু মুৰ্মুৰ নেতৃত্বত চাওঁতাল বিদ্ৰোহে ভয়ংকৰ ৰূপ ধাৰন কৰা অগনি প্ৰশমিত কৰিবৰ বাবেই চতুৰ বৃটিছে ভাৰতৰ আদিবাসী অধ্যুষিত এলেকাৰ পৰা বহু চাওঁতাল লোকক অসমত থিতাপি দিয়াইছিল ৷ অবিভক্ত গোৱালপাৰা জিলাত চাওঁতাল কলনিত ট্ৰাইবেল বেল্টৰ মাজত ৰাখি সম্পূৰ্ণ জাতীয় স্বকীয়তাৰে সংস্থাপিত কৰাইছিল যাতে মুক্তিকামী চাওঁতালে একত্ৰিত হৈ বৃটিছৰ বিৰুদ্ধে যুজ দিব নোৱাৰে ৷ পৰ্যায় ক্ৰমে অবিভক্ত দৰং জিলালৈ স্থানান্তৰিত কৰা হৈছিল চাওঁতাল সকলক যদিও স্বাধীনতা প্ৰিয় চাওঁতাল সকলে জীৱিকা নিৰ্বাহৰ বাবে অসমৰ বিভিন্ন অঞ্চললৈ কিছুমানে হাবি জংঘল কাটি কৃষিকৰ্মত মনোনিৱেশ কৰাৰ লগতে কিছু লোক ৰাষ্টা , ঘাট, ৰেলপথ নিৰ্মাণকে ধৰি বিভিন্ন সুবিধাজনক কামত আত্মনিয়োগ কৰি সিচৰিত হৈ পৰে ৷ যি কি নহওক অসমত আদিম কালৰ পৰা অষ্টিক মুলৰ চাওঁতাল সকল যে অসমৰ ভুমিপুত্ৰ সন্দেহ নাই ৷ পিছলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ অনগ্ৰসৰতা অঞ্চল সমুহৰ পৰা চাহ খেতিৰ উদ্দেশ্যে ১৮৫৯ চনৰ পৰা ১৯২৯ চন পৰ্যন্ত বৃটিছৰ চাহ কোম্পানীয়ে শ্ৰমিক হিচাবে অনা হৈছিল ৷ কিছু চাওঁতাল লোক সকলকো ছোটনাগপুৰৰ পৰা চাহখেতিৰ উদ্দেশ্যে অনা হৈছিল ৷ তাৰে ভিতৰত একাংশ বেমাৰত পৰি মৃত্যুমুখত পৰে ৷ কিছু লোক পলাই সাৰিবলৈ সক্ষম হয় ৷ আন কিছু লোকহে শ্ৰমিক হিচাবে নিযুক্ত হয় ৷ এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে , অসমৰ চাওঁতালসকল চাহ খেতি কৰা নাছিল ৷ চাহ শিল্পৰ লগত জড়িতও নহয় ৷ পৰোক্ষভাৱে চাওঁতালী কিছু লোকে ধনৰ বিনিময়ত শ্ৰমহে বিক্ৰী কৰিছিল ৷ সেই সময়তে কোল , ভীল , মুণ্ডা ওৰাং , ভুমিজ , চবৰ , উড়িয়া চাওঁতাল সম্প্ৰদায়কে ধৰি প্ৰায় ৯৭ টা জাতি জনগোষ্ঠীক এক জনগোষ্ঠী বুলি স্বীকৃতি দিয়াৰ প্ৰয়াস কৰিছিল এচাম বুদ্ধিজীৱিয়ে ৷ সফলো হৈছিল ৷ পৰৱৰ্তীকালত চৰকাৰেও চাহ জনগোষ্ঠী হিচাবে চিনাকী দি অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্য্যদা প্ৰদান কৰাৰ সমান্তৰালকৈ সুকীয়াকৈ চাহ জনজাতি কল্যাণ বিভাগ নামৰ চৰকাৰী দপ্তৰৰো অনুমোদন প্ৰদানেৰে চাহ জনগোষ্ঠীৰ আৰ্থসামাজিক উন্নয়নৰ অৰ্থে চৰকাৰী কাৰ্যাদি সম্পন্ন কৰে ৷ প্ৰশ্ন হয়  ৯৭ টা ভিন ভিন জাতি , জনজাতিক এক  জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়াটো সমীচীন হৈছে নে ? ফলস্বৰূপ এনে অনাকাংক্ষিত ঘটনাৰ আলমত তথা চৰকাৰৰ কৌশলী নীতিৰ বাবে আজিও জনজাতিকৰণৰ পৰা বঞ্চিত হৈ আছে চাওঁতাল সকল ৷ ত্ৰিপুৰা চৰকাৰেও খিলঞ্জীয়া ভিত্তিত চাওঁতাল সকলক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰিছে ৷ অসমত কিন্তু চাওঁতালসকলক এই পৰ্যন্ত জনজাতিকৰন কৰা নাই ৷ এয়া এক দূখজনক বিষয় ৷ অসমত থকা চাওঁতাল সকলৰ ইতিহাস অধ্যায়ন কৰিলে বহু তথ্যই পোহৰলৈ আহিব ৷ ভাৰতৰ বুৰঞ্জীত ভুমূকি মাৰি চালে বহু পুৰ্বেই চাওঁতাল সকলক অসম চৰকাৰে জনজাতিকৰণ কৰিব লাগিছিল ৷ শেহতীয়াকৈ ভাৰত তথা উত্তৰ পুৰ্বাঞ্চলৰ খিলঞ্জীয়া ভুমিপুত্ৰ প্ৰসংগত ২০২১ চনৰ ৫ জানুৱাৰী ১১/২০১১ নৱেম্বৰৰ এক ফৌজদাৰী গোচৰৰ ৰায়দানৰ ভিত্তিত ভাৰতৰ বিভিন্ন প্ৰান্তত পাহাৰ ভৈয়ামত বসবাস কৰা অষ্টিকমুলৰ পুৰ্ব মুণ্ডাৰ আদিমবাসী বংশধৰ গোণ্ড চাওঁতাল ভীল সকল বুলিহে উল্লেখ কৰিছে ৷ সম্প্ৰতি ৰাজনৈতিক মেৰপেছত পৰা চাওঁতাল সকলে ৰাজনৈতিক ভাবে বলি হোৱা স্ব-অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আন্দোলন কৰিব লগা হৈছে ৷ বিষয়সমুহ চৰকাৰক সঠিক ভাবে দৃষ্টিগোচৰ কৰিও বিফল হ’বলগা হৈছে চাওঁতালৰ দল সংগঠনে ৷ সময়ৰ লগে লগে প্ৰকৃতিপ্ৰেমী চাওঁতালসকলে অসমৰ সীমান্তৱৰ্তীৰ অঞ্চলসমুহত বসবাসৰ উপযোগী আৰু নিৰাপদ বুলি ভাবিবলৈ লয় ৷ কিছু গৱেষকে চাওঁতাল সকলক সেনা অথবা সীমান্ত প্ৰহৰী সেনা বুলি মতপোষণ কৰিছে ৷ আজিও সীমান্ত ৰক্ষক হিচাবেই চাওঁতাল সকলে আগ্ৰাহী মনোভাৱৰ যিকোনো ৰাজ্যৰ শক্তিক সহজতেই পৰাভূত কৰিবলৈ সক্ষম হৈছে ৷ যাৰ কাৰণে এখন ৰাজ্যৰ সীমা অটুট থকাৰ লগতে সীমান্ত ৰক্ষক হিচাপে অসমৰ বিভিন্ন ৰাজ্যৰ সীমামূৰীয়া অঞ্চল সমুহত চাওঁতাল সকলে বসবাস কৰা  ৰাজ্যখনকে বৰ্হিশক্তিৰ পৰা সুৰক্ষা প্ৰদান কৰি আহিছে ৷ সি,যি,কি নহওঁক অষ্টিক গোষ্ঠীৰ অনাৰ্য বংশোদ্ভৱ চাওঁতালসকলে স্বাধীনভাবে সমাজ পাতি বসবাস কৰি ভাল পায় ৷ সহজ সৰল এই জনগোষ্ঠীটোৱে জীৱিকাৰ হেতু দিনটোত কৃষিকৰ্মত কঠোৰ পৰিশ্ৰম কৰে ৷ কাম বন কৰাৰ অন্ততঃসন্ধিয়াৰ পৰত চাউলেৰে বনোৱা সুৰা জাতীয় পনীয় গ্ৰহন কৰি দিনটোৰ ভাগৰুৱা দেহাক শান্ত কৰাৰ প্ৰয়াস কৰে ৷ পনীয়ৰ ৰাগীত নৃত্যগীতৰে মুখৰিত কৰি ৰাখে গাওঁ ৷ কাৰো লগত সংঘাত নৰখা চাওঁতাল সকলৰ সহজ সৰলতাৰ সুযোগ লৈ এচাম চতুৰালি কৰা লোকে চাওঁতাল সকলৰ মাটিবাৰী ঠগঠাগ কৰি লোৱাৰ বহু উদাহৰণ আছে ৷ আনহাতে , অজ্ঞতাৰ হেতু চৰকাৰৰ লগত কোনো ধৰনৰ সম্পৰ্ক নৰখাৰ বাবেই বন অধিকাৰ অধিনিয়মৰ আওঁতাত অহা ভুমিৰ পৰা উচ্ছেদ হবলগা অৱস্থাৰ সন্মুখিন হোৱা চাওঁতাল সকল শংকিত হৈ পৰিছে ৷ শেহতীয়াকৈ বন অধিকাৰ অধিনিয়ম ২০০৬ ৰ আইনৰ বিৰুদ্ধে হোৱা গোচৰৰ শুনানিত ৰায়দানৰ ভিত্তিত  বনাঞ্চলত ভুমি অধিকৃত জনজাতীয় সকলৰ ভুমি সংক্ৰান্তীয় আবেদন খাৰিজ হোৱাৰ লগতে বনাঞ্চলিক অধিকৃত জমিৰ পৰাও উচ্ছেদ কৰাৰো নিৰ্দেশনা জাৰী কৰিছে মনামান্য উচ্চতম ন্যায়ালয়ে ৷ স্বাভাবিকতেই এনে ৰায়দানে সীমান্তৱৰ্তীৰ লোকসকলে কিংকৰ্তব্যবিমূঢ় অৱস্থাত ওৱাদিহ নোপোৱা হৈছে ৷ আদিমতম বৈশিষ্ট্য থকা চাওঁতাল সকলৰ এই ভূমিয়েই যথা সৰ্বোচ্চ ৷ ভূমিয়েই অনগ্ৰসৰতা জনগোষ্ঠীটোৰ সভ্যতা সংস্কৃতি পৰম্পৰা ভাষা তথা জাতীয় স্বকীয়তা নিহিত হৈ আছে ৷ সেয়েহে আইনৰ আওঁতাত অহা বন অধিকাৰ অধিনিয়ম ২০০৬ ৰ আইনৰ দ্বাৰা পুনৰ নতুনকৈ বনভূমিত সুবিধা প্ৰদানৰ আহ্বান জনাই সহজ সৰল চাওঁতালসকলে ৷ আনকি , উগ্ৰ জাতীয়তাবাদী সশস্ত্ৰ সংগঠনেও চাওঁতালীলোক সকলক উচ্চেদ কৰি ভুমি দখল কৰাৰ পৰিকল্পনাৰে আক্ৰমণ কৰি হত্যা কৰি আহিছে ৷ ইপিনে , সীমান্তত থকা সীমান্তৰ আগ্ৰাসন ভুমিকা আছেই ৷ বিশেষকৈ সীমান্ত অঞ্চলত শিক্ষা-দীক্ষাৰ অভাৱ ৷ খোৱাপানী , স্বাস্থ্যৰ চিকিৎসাজনীত নাই সুবিধা ৷ অঞ্চল সমুহত তন্ত্ৰ মন্ত্ৰই একমাত্ৰ চিকিৎসা ব্যৱস্থা ৷ বাট পথৰ সুবিধা নাই ৷ মুঠতে আদিম মানুহৰ দৰেই জীৱন ধাৰণ কৰে চাওঁতাল সকলে ৷ ভোটাৰ তালিকাতো নাম অন্তভুক্ত কৰিব নোৱাৰা এই সকল লোকক আৰ্থসামাজিক , শৈক্ষিক দিশৰ ওপৰত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ৷ সেয়েহে সীমান্ত অঞ্চলৰ পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি ক্ষেত্ৰ ভিত্তিত অধ্যায়নেৰে এই সকল ওপৰত চৰকাৰী প্ৰজেক্ট তৈয়াৰ কৰাৰ লগতে অসমত থকা প্ৰায় ২০ লাখ চাওঁতালী লোকৰ আৰ্থসামাজিক উন্নয়নৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে পুৰ্বৰে পৰা বনাঞ্চল ভুমিত বসবাস কৰি অহা চাওঁতালসকলক ভুমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ৷ তদুপৰি জনজাতিকৰণ কৰাৰ লগতে স্বায়ত্ব প্ৰথাৰে চলি অহা চাওঁতাল সকলৰ বাবে ‘স্বায়ত্ব শাসিত পৰিষদ’ গঠন কৰি আচনি ৰূপায়ণেৰে চাওঁতাল জনজাতীয় লোকসকল উপকৃত হব ৷ এই ক্ষেত্ৰত জাতীয় সংগঠন সমুহে হাত উজান দিব লাগিব ৷ তেতিয়াহে সাৰ্থক হব বুলি এই প্ৰতিবেদকে কব খোজে ৷