অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত দেৱেন্দ্ৰ নাথ ৰায়ৰ মৃত্যু , অঞ্চলজুৰি শোকৰ ছাঁ

24
অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত দেৱেন্দ্ৰ নাথ ৰায়ৰ মৃত্যু , অঞ্চলজুৰি শোকৰ ছাঁ
দুৰ্নীতিৰ দৰ্পণ সেৱা , তামাৰহাট , ১২ জুলাই : ধুবুৰী জিলাৰ কালডোৱা দ্বিতীয় খণ্ড গাঁৱৰ নিবাসী তথা অৱসৰ প্ৰাপ্ত শিক্ষক শ্ৰীযুত দেৱেন্দ্ৰ নাথ ৰায়ৰ মৃত্যু । ৮৮ বছৰ বয়সত যোৱা দেওবাৰে নিশা ১১:৩০ মিনিটত বিয়োগ  ঘটে । ১৯৫৯ চনত পোকালাগী অঞ্চলৰ গণেশৰ ধাম স্কুলত শিক্ষকতা আৰম্ভ কৰি ৭৮১ নং এল. পি স্কুলত প্ৰধান শিক্ষক হিচাপে কৃতীৰে শিক্ষকতা কৰি ১৯৯৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে । তেখেত আগমণি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতিষ্টাপক সভাপতি আৰু বিভিন্ন সামাজিক কামত জড়িত আছিল  শিক্ষক গৰাকী । অত্যন্ত সহজ সৰল, দায়িত্বশীল জনপ্ৰিয় ব্যক্তিত্বৰ গৰাকী জনে মৃত্যুৰ সময়ত পত্নী, দুগৰাকী কন্যা আৰু  চাৰি গৰাকী পুত্ৰৰ লগতে অসংখ্য গুণমুগ্ধক কন্দুয়াই চিৰ বিদায় লয় ।