আজমল ফাউণ্ডেচনৰ ১৮ তম প্ৰতিষ্ঠা দিৱস উদযাপন

40
আজমল ফাউণ্ডেচনৰ ১৮ তম প্ৰতিষ্ঠা দিৱস উদযাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা , হাৰুন ৰশ্বিদ চৌধুৰী, নীলবাগান, ১৯ জুলাইঃ উত্তৰ পূৰ্বৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনৰ ১৮ বছৰ সম্পুৰ্ণ হৈছে৷ ১৮ বছৰ সম্পুৰ্ণ হোৱাৰ বাবে আজি আজমল ফাউণ্ডেচনৰ হোজাইস্থিত মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয় ১৮ তম প্ৰতিষ্ঠা দিৱস৷ আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত সভাখনত আজমল ফাউণ্ডেচনৰ বিষয়বৱীয়া সকল উপস্থিত থাকি নিজৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে আৰু আগন্তুক দিনতো জাতি, ধৰ্ম.বৰ্ণ নিৰ্বিশেষে সামাজিক কাম কাজ কৰি যোৱাৰ প্ৰণ গ্ৰহণ কৰে৷ প্ৰতিষ্ঠা দিৱসত আজমল ফাউণ্ডেচনৰ বহুকেইজন বিষয়া আৰু প্ৰতিষ্ঠাপক সকলক জাপি, ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সভাত আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামে কয় যে সকলোৱে অতি সুচাৰুৰূপে আৰু দায়ৱদ্ধতাৰে নিজৰ কৰ্ম কৰি যোৱাৰ বাবেই আজি আজমল ফাউণ্ডেচনে সমগ্ৰ দেশতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক দিনতো নিজৰ শ্ৰেষ্ঠতাখিনি উজাৰি সমাজখনক নতুন ৰূপত গঢ় দিয়াৰ বাবে সকলোকে আহ্বান জনায় ড° খছৰুল ইছলামে৷ ইফালে আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বহুকেইজন বিশেষভাৱে সক্ষম লোকক আজমল ফাউণ্ডেচনৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা হয়৷ লগতে প্ৰচণ্ড গৰমৰ বাবে পথচাৰীসকলৰ মাজত আজমল ফাউণ্ডেচনে বিতৰণ কৰে শীতল পানীয়৷ আনহাতে হোজাইৰ হাম হস্পিটেল, হোজাই শিশুগ্ৰাম আৰু হোজাই এফ আৰ ইউত ৰোগীসকলৰ মাজত ফল-মুল আৰু খোৱা বস্তু বিতৰণ কৰে আজমল ফাউণ্ডেচনে৷ উল্লেখ্য যে মৌলানা বদৰুদ্দিন আজমল, সিৰাজুদ্দিন আজমলকে ধৰি আজমল পৰিয়ালৰ তৎপৰতাত পৰিচালিত আজমল ফাউণ্ডেচনে শিক্ষা, স্বাস্থ্য, সমাজসেৱা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷ যাৰ বাবে আজমল ফাউণ্ডেচনে ইতিমধ্যে বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বটাঁ লাভ কৰিবলৈ সক্ষম হৈছে৷ বানপানী তথা তেনে কোনো দূৰ্যোগৰ সময়ত সহায় আগবঢ়াই আজমল ফাউণ্ডেচনে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ আজমল সুপাৰ ৪০ ৰ জৰিয়তে বহু দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীক চিকিৎসক আৰু ইঞ্জিনিয়াৰ ৰূপে গঢ় দি মানৱ সম্পদ সৃষ্টি কৰি সমগ্ৰ দেশৰ ভিতৰতে চৰ্চিত হৈ পৰিছে৷ লাভ কৰিছে সকলোৰে প্ৰশংসা৷ বিশেষকৈ আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামৰ নিষ্ঠা, দক্ষতা, কৰ্মতৎপৰতা আৰু সততাৰ বাবে আজি আজমল ফাউণ্ডেচনে এক সুকীয়া পৰিচয় লাভ কৰি দিনকদিনে উন্নতিৰ দিশেৰে অগ্ৰসৰ হৈছে৷ আজমল ফাউণ্ডেচনৰ ১৮ তম প্ৰতিষ্ঠা দিৱসত মৌলানা বদৰুদ্দিন আজমল, সিৰাজুদ্দিন আজমলৰ লগতে আজমল পৰিয়াল. ডিৰেক্টৰ ড° খছৰুল ইছলাম তথা আজমল ফাউণ্ডেচনৰ সমূহ কৰ্মকৰ্তাৰ শলাঁজ লয় সকলোৱে৷প্ৰতিষ্ঠাপক দিৱস উপলক্ষে আয়োজিত সভাত আজমল ফাউণ্ডেচনৰ বিষয়বৱীয়া সকলৰ লগতে হোজাইৰ বহু বিশিষ্ট লোক উপস্থিত থাকি আজমল ফাউণ্ডেচনৰ দায়ৱদ্ধতা আৰু কৰ্মৰাজিৰ প্ৰশংসা কৰে৷