আজাদিকা অমৃৎ মহোৎসৱৰ লগত সংগতি ৰাখি ধেমাজিৰ অৰুণাচল সীমান্তৱৰ্তী বালিচৰিত বিজুলী মহোৎসৱ পালন , নৃত্য-গীত , চলচ্চিত্ৰ নাট প্ৰদৰ্শনেৰে মুখৰ হৈ পৰিল সীমান্ত অঞ্চল

24
আজাদিকা অমৃৎ মহোৎসৱৰ লগত সংগতি ৰাখি ধেমাজিৰ অৰুণাচল সীমান্তৱৰ্তী বালিচৰিত বিজুলী মহোৎসৱ পালন , নৃত্য-গীত , চলচ্চিত্ৰ নাট প্ৰদৰ্শনেৰে মুখৰ হৈ পৰিল সীমান্ত অঞ্চল
চিলাপথাৰ , ২৯ জুলাই : দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ধেমাজি জিলাৰ দ্বিতীয় খন বিজুলী মহোৎসৱ আজি জিয়াঢলৰ বালিচৰিত অনুষ্ঠিত কৰা হয় । এই বিদ্যুৎ মহোৎসৱৰ মূল শ্লোগান হ’ল “উজ্জ্বল ভাৰত উজ্জ্বল  ভবিষ্যত” । শক্তি বিতৰণ বিভাগৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডত হোৱা সাফল্য আৰু শক্তিৰ পুনৰ নবীকৰণৰ সন্দৰ্ভত ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানটিৰ আয়োজন কৰা হয় । অৰুণাচল সীমান্তৱৰ্তী এই দূৰণীবতীয়া অঞ্চলটোত আয়োজিত বিদ্যুৎ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা পৰিষদৰ সভাপতি মোহন গগৈয়ে । মুখ্য অতিথি হিচাপে দিয়া ভাষণত জিলা পৰিষদৰ সভাপতি মোহন গগৈয়ে কয় যে , দেশৰ শক্তি খণ্ড‌ত যোৱা কিছু বছৰত হোৱা প্ৰগতিয়ে আমাৰ দেশৰ সামগ্ৰিক অগ্ৰগতিকে সূচাইছে । আজি যতে গ্ৰাম্য পথ নিৰ্মাণ হৈছে , যতে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ দ্বাৰা ঘৰ নিৰ্মাণ হৈছে , তাতেই সহজতে বিদ্যুৎ সংযোগ হৈছে বুলি তেওঁ উল্লেখ কৰে । জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে দিয়া ভাষণত বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত পালন কৰিব লগীয়া সাৱধানতা সমূহৰ বিষয়ে কয় । তেওঁ কয় যে , আজি দেশৰ বিদ্যুৎ খণ্ডত ইমানেই প্ৰগতি সাধন হৈছে যে , এতিয়া এই দূৰণীবতীয়া সীমান্তৱৰ্তী অঞ্চলটোৰো ঘৰে ঘৰে বিজুলী সংযোগ সম্ভৱ হৈছে , যিটো কেইবছৰ মান আগলৈকে কল্পনাতীত আছিল । সভাৰ আৰম্ভণীতে উত্তৰ পূব বৈদ্যুতিক শক্তি নিগমৰ প্ৰৱন্ধক জ্ঞানজ্যোতি দেউৰীয়ে আদৰণি ভাষণত কয় যে , যোৱা ৮ বছৰৰ ভিতৰত দেশৰ শক্তি খণ্ড‌ত অভূতপূৰ্ব উন্নয়ন সাধন হৈছে । এতিয়া ভাৰতে প্ৰয়োজনতকৈ অধিক বিদ্যুৎ উৎপাদন কৰি বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে । তেওঁ কয় , এয়া সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন আৰু সংকল্পৰ বাবে । সভাত অসম শক্তি বিতৰণ প্ৰতিস্থানৰ উত্তৰ লখিমপুৰ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া অমৰজিৎ শৰ্মাই  চমু বক্তব্য আগবঢ়াই বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত পালনীয় সাৱধানতাৰ বিষয়ে ৰাইজক সুন্দৰকৈ বুজাই কয় । বিদ্যুৎ বিভাগৰে ধেমাজিৰ সহকাৰী মহা প্ৰৱন্ধক নিপন সোণোৱালে নিজৰ ভাষণত কয় যে , ধেমাজি জিলাত সৌভাগ্য আঁচনিৰ অধীনত ৫১,৩১৭ টা পৰিয়াললৈ , দীন দয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনাৰ অধীনত ১২,৩০৭ টা পৰিয়াললৈ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে । সভাৰ সামৰণিত শলাগৰ শৰাই আগবঢ়াই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰীয়ে । সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু সাংস্কৃতিক বিষয়া বিদ্যাধৰ দেউৰীও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । সভাত কেবাগৰাকীও বিদ্যুতৰ উপভোক্তাই নিজৰ অনুভৱ প্ৰকাশ কৰি বিদ্যুৎ সংযোগে তেওঁলোকৰ জীৱনলৈ অনা ইতিবাচক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানত জন-সজাগতা সৃষ্টিৰ উদ্দেশ্যে সুন্দৰ কেবাখনো ছুটি ছৱি আৰু বাটৰ নাট প্ৰদৰ্শন কৰা হয় । তদুপৰি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰে ।