আজি থিয়েটাৰ বীণাপাণিৰ আখৰা শিবিৰ মুকলি

27
আজি থিয়েটাৰ বীণাপাণিৰ আখৰা শিবিৰ মুকলি –
  কুলদ্বীপ বৰ্মন
 
বিগত ২০২১-২২ নাট্যবৰ্ষৰ সফল সামৰণিৰ পিছত সমূহ অসমবাসীৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈ আজি   ২০২২-২৩ নাট্যবৰ্ষৰ আখৰা শিবিৰ মুকলি কৰিব প্ৰনৱ বৰ্মন প্ৰযোজিত থিয়েটাৰ বীণাপাণিয়ে ৷ তিনিগৰাকী বিশিষ্ট নাট্যকাৰৰ তিনিখন ভিন্নৰুচিৰ নাট লৈ সাজু হৈছে নাট্যদলটোৱে ৷ নাট কেইখন হ’ল যশস্বী নাট্যকাৰ , পৰিচালক ,গীতিকাৰ অভিজিত ভট্টাচাৰ্যৰ  “মিঃ হীৰালাল” , বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ বলিদান আৰু ৰমা বৰ্মনৰ “বিশ্বাস ঘাতক ” ৷ ২০২২-২০২৩ নাট্যবৰ্ষত থিয়েটাৰ বীণাপাণিৰ মঞ্চত দেখিবলৈ পাব জনপ্ৰিয় অভিনেতা গেষ্ট্ৰিক খ্যাত বিপুল ৰাভা ,বলিষ্ঠ অভিনেতা গুণেন শৰ্মা , ৰাজীৱ শৰ্মা , পাৰ্থ কলিতা , ব্ৰজেন বিকি ,সঞ্জীৱ বৈশ্য, লোকেশ্বৰ দাস , মোহময়ী অভিনেত্ৰী তুলুমণি শৰ্মা , মৌচুমী গগৈকে ধৰি বহুতো ন-পুৰণি  অভিনেতা অভিনেত্ৰীক ৷  বীণাপাণি থিয়েটাৰৰ কাৰ্য্যবাহী প্ৰযোজক হৈছে মানৱ বৰ্মন।
সম্পাদকৰ দায়িত্বত আছে ৰাজীৱ শৰ্মা আৰু কবেন বৰ্মন।  থিয়েটাৰ বীণাপাণিৰ প্ৰযোজক, নাট্যকাৰ ,পৰিচালক, সম্পাদক , অভিনেতা-অভিনেত্ৰী প্ৰমুখ্যে সমূহ পৰিয়ালবৰ্গলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।
           ফোন-৯০৮৫৭২০৫৩৯