ইউপিপিএল দলৰ বৰ্ষপূৰ্তি উপলক্ষে তামুলপুৰত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ 

26
ইউপিপিএল দলৰ বৰ্ষপূৰ্তি উপলক্ষে তামুলপুৰত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ
প্ৰতিবেদক , তামুলপুৰ , ৪ আগষ্টঃ কেন্দ্ৰীয় ইউপিপিএল দলৰ নিৰ্দেশ মৰ্মে আজি তামুলপুৰ জিলা ইউপিপিএলৰ উদ্যোগত আৰু গয়বাৰী ব্লক ইউপিপিএলৰ সহযোগত তামুলপুৰ জিলাৰ বৰখোপা, এঘাৰ মাইল, সৌৰাগুৰি আদি ঠাইত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইউপিপিএল দলৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে তামুলপুৰৰ বৰখোপাত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই। গছপুলি ৰোপণ কৰি তেওঁ কয়  অহা ৫ আগষ্টত ইউপিপিএল দলৰ বৰ্ষ পূৰ্তি উপলক্ষে ৪ আৰু ৫ আগষ্টত বিটিআৰ সকলো প্ৰাথমিক, ব্লক,জিলা ইউপিপিএল ৰ সকলো সদস্যই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিব। বিটিআৰত দহ লাখ গছপুলি ৰোপণেৰে ইউপিপিএল দলে বিটিআৰ সেউজীয়া কৰণৰ এক লক্ষ্য লৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইউপিপিএল দলে সেউজীয়া বিটিআৰ,স্মাৰ্ট বিটিআৰ আৰু শান্তিপূৰ্ণ বিটিআৰ এই তিনিটা লক্ষ্য লৈ বিটিআৰত কাম কৰি আছে। ইয়াৰ পিছতে ইউপিপিএল দলে সভা অনুষ্ঠিত কৰি দলীয় কৰ্মীৰ সতে মতবিনিময়, অন্তৰঙ্গ আলাপ কৰিব। আগন্তুক দিনত দলে কেনেদৰে জনসাধাৰণৰ সেৱা কৰিব সেই সম্পৰ্কে ও আলোচনা হ’ব। ইউপিপিএল দলে জন্ম লগ্নৰে পৰা কি কি কাম কৰিলে বা কৰিবলৈ বাকী ৰল এনেধৰণৰ আলোচনা পৰ্যালোচনাও হ’ব সভাত। বিটিআৰ প্ৰধান গৰাকীয়ে কোনো কাৰণতে যাতে আমাৰ পৰিৱেশ দূষিত নহয় তাৰ বাবে কাম কৰিবলৈ সকলোলৈ আহ্বান জনায়। ইয়াৰ পিছতে তেওঁ বৰখোপা শিৱ মন্দিৰ দৰ্শন কৰি পোণে পোণে তেওঁ অধ্যয়ন কৰা সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়লৈ গৈ গছপুলি ৰোপণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিটিআৰ প্ৰধান গৰাকীয়ে তেওঁ অধ্যয়ণ কৰা প্ৰাথমিক বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ সতে মিলিত হৈ মত বিনিময়ো কৰে । আজিৰ এই গছপুলি ৰোপণ কাৰ্যসূচীত বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীৰ লগত তামুলপুৰ জিলা ইউপিপিএল ৰ সভাপতি তথা তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী,মনোনীত  এমচিএলএ হেমন্ত কুমাৰ ৰাভা,তামুলপুৰ জিলা ইউপিপিএল ৰ সম্পাদক গণেশ নাথ,মহেন্দ্ৰ ৰাভা, গয়বাৰী ব্লক ইউপিপিএল ৰ সভাপতি নৰহৰি মহন্ত,সম্পাদক কবিন চন্দ্ৰ বসুমতাৰী, টিচিএলচিচিৰ অধ্যক্ষ পবিত্ৰ কুমাৰ নাৰ্জাৰী, ইউপিপিএল আৰু বিজেপি দলৰ বহুতো নেতা কৰ্মী তথা শতাধিক স্থানীয় লোক উপস্থিত থাকে।