ইণ্ডিয়ান ৰেড ক্ৰছ ছ’ছাইটি গুৱাহাটী জিলা শাখাৰ উদ্যোগত মৰিগাঁৱৰ ভূৰাগাঁৱত বান বিধ্বস্ত পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ

36
ইণ্ডিয়ান ৰেড ক্ৰছ ছ’ছাইটি গুৱাহাটী জিলা শাখাৰ উদ্যোগত মৰিগাঁৱৰ ভূৰাগাঁৱত বান বিধ্বস্ত পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৭ জুলাই : বছৰৰ দ্বিতীয়টো প্ৰলয়ংকৰী বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত বানাক্ৰান্ত লোক সকলৰ মাজত বাৰুকৈয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত দিন অতিবাহিত কৰিব লগা হৈছে ৷ তেনে সময়তে কালি জিলাখনৰ ভূৰাগাঁৱৰ সোনডুবা মধ্য ইংৰাজী বিদ্যালয়ত ইণ্ডিয়ান ৰেড ক্ৰছ ছছাইটিৰ গুৱাহাটী জিলা শাখা উদ্যোগত আৰু ভূৰাগাঁও উপ-জিলা শাখাৰ সহযোগত বিষয়ববীয়া সকল উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।
ভূৰাগাঁও অঞ্চলত প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা প্ৰায় ৩০০ টা পৰিয়ালত গুৱাহাটী জিলা শাখাই একোটাকৈ পৰিয়ালক টাৰপলিন , আঁঠুৱা , হাইজিন সামগ্ৰী , কিটচেন সামগ্ৰীৰ লগতে গা-ধোৱা চাবোন আৰু মাস্ক আদি বিতৰণ কৰে । ভূৰাগাঁও উপ-জিলা শাখাৰ উপ-সভাপতি তুতুল বৰঠাকুৰে আঁতধৰা বান বিধ্বস্ত অঞ্চলৰ পৰিয়াল সমূহক সাহাৰ্য প্ৰদান কাৰ্যসূচীত গুৱাহাটী জিলা শাখাৰ সহকাৰী প্ৰৱন্ধক ক্ৰমে লৱ শৰ্মা , শচীন চক্ৰৱৰ্তী , বৃত্ত প্ৰৱন্ধক সাধন চক্ৰৱৰ্ত্তী , সদস্য মৃদুল শৰ্মা , ৰাজ শৰ্মাৰ লগতে ভূৰাগাঁও উপ-জিলা শাখাৰ মাধৱ সিংহ , ৰংধৰ বনিয়া , হৰেন বৰা , তপন সেন , শুক্লেশ্বৰ ডেকা , পূৰ্ণ ডেকা , মৃণাল সৰকাৰৰ উপৰিও প্ৰায় ২০ গৰাকী স্বেচ্ছাসেৱক উপস্থিত থাকে । ইফালে , ইণ্ডিয়ান ৰেড ক্ৰছ ছছাইটি গুৱাহাটী জিলা শাখাৰ উদ্যোগত
এই মাহৰ শেষৰ ফালে পুনৰ ২০০ বান বিধ্বস্ত অঞ্চলৰ পৰিয়ালৰ মাজত সাহাৰ্য প্ৰদান কৰিব বুলি ভূৰাগাঁও উপ-জিলা শাখাৰ উপ-সভাপতি তুতুল বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।