ইন্ডিয়ান জাৰনেলিষ্ট এচোছিয়েশ্যনৰ বৰপেটা জিলা সমিতি গঠন , বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

41

ইন্ডিয়ান জাৰনেলিষ্ট এচোছিয়েশ্যনৰ বৰপেটা জিলা সমিতি গঠন , বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ২৭ জুলাই: বৰপেটা জিলাৰ ইন্ডিয়ান জাৰনেলিষ্ট এচোছিয়েশ্যন চমুকৈ(ইজা)ৰ বাৰ্ষিক সাধাৰণ সভাখন বৰপেটা জিলাৰ বিকলাংগ সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয়। বাৰ্ষিক সাধাৰণ সভাখনৰ লগত সংগতি ৰাখি কায্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণ কৰে বৰপেটাৰ যুব ব্যবসায়ী তথা গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ  বিত্ত সম্পাদক  লিটন চৌধুৰী । চৌধুৰী ক সহযোগ  কৰে বিকলাংগ সন্থাৰ সম্পাদক অনন্ত ডেকা আৰু কায্যালয় সম্পাদক ৰাজু আলী ।ইজাৰ বৰপেটা জিলা সাধাৰণ সভাখনৰ  সভাপতিত্ব কৰে সেখ ৰহমত উল্লাহ । যোৱা বছৰৰ কায্যকালৰ  প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক মনজিৎ দাসে।সভাত বৰপেটা জিলা ইন্ডিয়ান জাৰনেলিষ্ট এচোছিয়েশ্যনৰ নতুন সমিতি গঠন কৰে।  বৰপেটা জিলা সমিতিখনৰ উপদেষ্টা হিচাপে জেষ্ঠ খেল সাংবাদিক বৰপেটাৰ দ্বিজেন্দ্ৰ নাথ দাস আৰু জেষ্ঠ সাংবাদিক পুলেন দাস।  সভাপতি হিচাপে মনোনীত হয় সেখ ৰমত উল্লাহ, কাৰ্যকৰী সভাপতি আজিজুল হক, উপ সভাপতি হিচাপে মনোনীত হয় গীতাঞ্জলি শৰ্মা আৰু ইব্ৰাহিম খলিল আৰু সাধাৰণ  সম্পাদক মনজিৎ দাস , সহ: সম্পাদক চফিক উদ্দিন আহমেদ আৰু কৌশিক দাস । সাংগঠনিক সম্পাদক চৈয়দ আফতাদ হুছেইন পত্ৰিকা সম্পাদক মৌচম নাজিম প্ৰচাৰ সম্পাদক মফিদুল হক বিত্ত সম্পাদক ফাৰুক  আহমেদ আৰু ছহিদুল ইছলাম । ইন্দিয়ান জাৰনেলিষ্ট এচোছিয়েশ্যনৰ ৰাজ্যিক সদস্য হিচাপে প্ৰদীপ কুমাৰ সৰকাৰৰ নামটো মনোনীত কৰি এখন পূৰ্ণাংগ সমিতি গঠন কৰে।