উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননীক লৈ একাংশৰ অপপ্ৰচাৰৰ অভিযোগ , মোৰাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওপৰত উঠা ভুৱা অভিযোগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

39

উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননীক লৈ একাংশৰ অপপ্ৰচাৰৰ অভিযোগ , মোৰাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওপৰত উঠা ভুৱা অভিযোগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা, শংকৰদেৱ নগৰ, ২১ জুলাই : হোজাই জিলাৰ বৃহত্তৰ মোৰাঝাৰ এলেকাৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান মোৰাঝাৰ মহাবিদ্যালয় । এইখন মহাবিদ্যালয়ত মোৰাঝাৰ অঞ্চলৰ আৰ্থিক বাবে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলে  শিক্ষা গ্ৰহণ কৰি উপকৃত হৈ আহিছে । দীৰ্ঘদিন সেৱা আগবঢ়াই অহা মহাবিদ্যালয়বোৰ প্ৰাদেশিকীকৰণ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰা চাৰ্টিফিকেট, হাইস্কুলত শিক্ষান্ত পৰীক্ষাৰ চাৰ্টিফিকেট আৰু উচ্চতৰ মাধ্যমিকৰ চাৰ্টিফিকেটকে ধৰি কেবাখনো নথি-পত্ৰ ভেৰিফিকেচন কৰাৰ বাবে ১৯ জুলাই তাৰিখে বিভাগীয় নিয়ম অনুযায়ী একেলগে ৰাজ্যৰ ৭০ জন টিউটৰ কলেজ শিক্ষক-অধ্যক্ষক উচ্চ শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত মতা হৈছিল । উল্লেখ্য যে , উক্ত পত্ৰখনক লৈ মোৰাঝাৰ কলেজৰ টিউটৰ প্ৰেন্সিপাল ছৈয়দ আহমদ আলীৰ বিৰুদ্ধে কলেজ বিৰোধী এটা চক্ৰই  সংবাদ মাধ্যমক ভুল তথ্য দি বাতৰি সম্প্ৰচাৰ কৰাই অধ্যক্ষজনক মানসিক অত্যাচাৰ কৰাৰ উপৰিও মহাবিদ্যালয় খনৰ মান সন্মান হানি কৰাৰ বৃহৎ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগে সৰ্বোচ্চে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াকে কেন্দ্ৰ কৰি আজি মোৰাঝাৰ কলেজৰ ছাত্ৰ একতা সভা , প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে  । প্ৰতিবাদকাৰী সকলে হাতে হাতে মোৰাঝাৰ কলেজৰ বিৰোধি চক্ৰ হুচিয়াৰ প্লে’কাৰ্ড লৈ উলাই অহা দেখা যায় । যোৱা ১৯ জুলাই তাৰিখে ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয় কাৰ্যালয়ে প্ৰাদেশিকীকৰণ কৰা দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা মহাবিদ্যালয় সমূহৰ টিউটৰ অধ্যক্ষ অধ্যাপক সকলৰ চাকৰি নিয়মীয়া কৰাৰ কাৰণে তেওঁলোকৰ বহিঃ ৰাজ্যৰ পৰা লাভ কৰা পিএইছডি ডিগ্ৰী ভেৰিফিকেচন কৰাৰ কাৰণে আমন্ত্ৰণ জনায়। এই আমন্ত্ৰণক লৈ একাংশ সংবাদ মাধ্যমক ভূল তথ্য দি মোৰাজাৰ কলেজৰ টিউটৰ অধ্যক্ষ ছৈয়দ আহমদ আলীৰ পিএইছডি ডিগ্ৰী ভূৱা বুলি অপপ্ৰচাৰ কৰাক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মোৰাঝাৰ ছাত্ৰ একতা সভাই অপপ্ৰচাৰ চলোৱা সকলক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে মোৰাঝাৰ কলেজ বিৰোধী চক্ৰটোক এনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ প্ৰতিবাদী কণ্ঠৰে সকীয়াই দিয়ে । মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীক শান্ত কৰা পৰিলক্ষিত হৈছে ।