এতিয়াৰে পৰা  গোলাঘাট পৌৰসভাত  হ’ব অনলাইন কৰ ব্যৱস্থা , মন্ত্ৰী অজন্তা নেওগে কৰে শুভাৰম্ভ , লগতে ছেপ্টেম্বৰ মাহৰ পৰা গোলাঘাটত আৰম্ভ হ’ব গেছ পাইপলাইনৰ কাম বুলি ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ

23
এতিয়াৰে পৰা  গোলাঘাট পৌৰসভাত  হ’ব অনলাইন কৰ ব্যৱস্থা , মন্ত্ৰী অজন্তা নেওগে কৰে শুভাৰম্ভ , লগতে ছেপ্টেম্বৰ মাহৰ পৰা গোলাঘাটত আৰম্ভ হ’ব গেছ পাইপলাইনৰ কাম বুলি ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ
 দূৰ্নীতিৰ দৰ্পণ সেৱা,বিনোদ কুমাৰ নাথ , গোলাঘাট, ২১ জুলাই : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনলাইন ব্যৱস্থাৰে সম্পত্তি কৰ আদায় দিব পৰা এটা পৰ্টেল আৰু পৌৰ সভাৰ একাউণ্টিং পৰ্টেল এটা মুকলি কৰে । এই ব্যৱস্থাৰ দ্বাৰা এতিয়াৰে পৰা পৌৰসভা এলেকাৰ বাসিন্দাসকলে অনলাইন ব্যৱস্থাৰে সম্পত্তি কৰ, পানীৰ কৰ আদি আদায় দিয়াৰ লগতে বাণিজ্যৰ অনুজ্ঞাপত্ৰ (ট্ৰেড লাইচেন্স) লাভ কৰিব পাৰিব । পৌৰ সভা ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত ছফ্ট থিংক নামৰ প্ৰতিষ্ঠানে এই পৰ্টেল বিকশিত কৰিছে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে কৰ ব্যৱস্থাটোত থকা আঁসোৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে তথা ৰাইজে যাতে প্ৰকৃত সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে এই সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিশেষকৈ বাণিজ্যৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ এতিয়া দূৰ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । অনলাইন ব্যৱস্থা এটা স্বচ্ছ ব্যৱস্থা বুলি উল্লেখ কৰি সকলোকে অনলাইন সেৱা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় । প্ৰসংগক্ৰমে তেওঁ ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা-১ আৰু মিছন সদ্ভাৱনাৰ সাফল্যৰ কথা উল্লেখ কৰে । তেওঁ কয় যে ইয়াৰ দ্বাৰা চৰকাৰী ব্যৱস্থাসমূহৰ সৰলীকৰণ হ’ব আৰু ৰাইজ বহুলভাবে উপকৃত হ’ব । গোলাঘাট পৌৰ সভাখনক সমগ্ৰ জিলাখনৰ এক দাপোন বুলি উল্লেখ কৰি তেওঁ বাট-পথ, নলা-নৰ্দমা নিৰ্মাণ কৰোঁতে জনসাধাৰণক সংশ্লিষ্ট বিভাগ তথা পৌৰ সভাক সহযোগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে অহা ছেপ্টেম্বৰ মাহৰ পৰা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কাম আৰম্ভ হ’ব । তেওঁ লগতে কয় যে ইতিমধ্যে অসম গেছ কোম্পানীৰ সৈতে তেওঁ কথা পাতিছে আৰু ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অসম গেছ কোম্পানীৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব । তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পৰাই গেছ পাইপলাইনৰ কাম আৰম্ভ কৰিব বুলি ইতিমধ্যে জনাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । তেওঁ পুনৰ কয় যে পৌৰ সভাসমূহলৈ পুঁজিৰ যোগান তথা পুঁজিৰ উৎস আগতীয়াকৈ নিৰ্ধাৰণ কৰি পৌৰ কৰ্মীসকলক অনিশ্চয়তাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে এখন আইন অনা হ’ব । আনহাতে বাৰিষাৰ পিছতেই যমুনা পুখুৰী পৰিষ্কাৰ কৰি পানী যোগান ব্যৱস্থাৰ কাম আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয় ।
আজিৰ অনুষ্ঠানত ছফ্ট থিংকৰ মুৰব্বী জয়ন্ত কুমাৰ সাহাই এই পৰ্টেলৰ দ্বাৰা জনসাধাৰণ কেনেকৈ উপকৃত হ’ব এই বিষয়ে বিতংভাবে বৰ্ণনা আগবঢ়ায় । তেওঁ কয় যে নিজৰ মোবাইল ফোনতেই জনসাধাৰণে পৌৰ সভাৰ কৰ আদায় দিব পাৰিব আৰু বাণিজ্য অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব । ই এটা অতি সৰল প্ৰক্ৰিয়া বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত গোলাঘাট পৌৰ সভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ পৌৰ সভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, উপ সভাপতি সীমান্ত বৰা, ৱাৰ্ড কমিছনাৰসকল আৰু পৌৰ সভাৰ কৰ্মচাৰীসকল উপস্থিত আছিল বুলি জানিব পৰা যায়৷