ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা কমিটিৰ উদ্যোগত অংকীয়া ভাওনা কৰ্মশালা  , কৰ্মশালাৰ শুভ উদ্ধোধন  বিধায়ক পদ্ম হাজৰিকাৰ 

30
ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা কমিটিৰ উদ্যোগত অংকীয়া ভাওনা কৰ্মশালা  , কৰ্মশালাৰ শুভ উদ্ধোধন  বিধায়ক পদ্ম হাজৰিকাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১২ জুলাইঃ দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা এইবেলি ২০২৩ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত হব ৷ সেই লৈ বাৰেচহৰীয়া ভাওনা মহোৎসৱ কমিটিয়ে এলানি বৰ্ষ যোৰা কাৰ্যসুচীও ৰূপায়ন কৰিছে ৷ সেইমৰ্মে আজিৰ পৰা ২৬ জুলাইলৈ জামুগুৰিহাটত অনু্ষ্ঠিত কৰিছে অংকীয়া ভাওনা কৰ্মশালা ৷ জামুগুৰি বাৰেচহৰীয়া ভাওনা কমিটিৰ উদ্যোগত আৰু সংগীত নাটক একাডেমী সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীৰ সহযোগত এই ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰ সংঘৰ আঞ্চলিক নামঘৰ প্ৰাঙ্গণত ১৫ দিনীয়াকৈ অনুষ্ঠিত এই অংকীয়া ভাওনা কৰ্মশালাৰ আজি পূৱা শুভ উদ্ধোধন কৰে বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন কমিটিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ এই কৰ্মশালাৰ প্ৰশিক্ষণ প্ৰদান কৰে মাজুলিৰ উত্তৰ কমলাবাৰী সত্ৰৰ ভৱেন বৰবায়নে ৷