ঐতিহ্যমণ্ডিত বৰভাগ মহাবিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাচীৰ পত্ৰিকা সপ্তদ্বীপা উন্মোচন

32
ঐতিহ্যমণ্ডিত বৰভাগ মহাবিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাচীৰ পত্ৰিকা সপ্তদ্বীপা উন্মোচন
দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ১২ জুলাইঃ নলবাৰী জিলাৰঐতিহ্যমণ্ডিত বৰভাগ মহাবিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাচীৰ পত্ৰিক ২০২১-২২ ইং বৰ্ষৰ “সপ্তদ্বীপা” উন্মোচন কৰা হয়। সম্পাদক চাজিদ আহমেদে আতধৰা অনুষ্ঠানটোত  বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি চৌধুৰী মহোদয় ডাঙৰীয়া দেৱে উন্মোচন কৰি বক্তব্য আগবঢ়ায় । এই উন্মোচন সময়ত বৰভাগ মহাবিদ্যালয়ৰ প্ৰশাসনিক উপাধ্যক্ষ নিবেদিতা গোস্বামী মহোদয়া , শৈক্ষিক উপাধ্যক্ষ কৰুনা বৰুৱা মহোদয় ডাঙৰীয়া উপস্থিত থাকি লগতে ছাত্ৰ-ছাত্ৰী মাজত বক্তব্য আগৱঢ়াই ।   উক্ত অনুষ্ঠানত ” সপ্তদ্বীপা ” তত্বাৱধায়ক তথা বিভাগীয় মুৰব্বী অধ্যাপীকা প্ৰতিভা দেৱী , বিভাগীয় অধ্যাপক ৰন্টুমনি ডেকা , লুটফুৰ ৰহমান , চতুৰ্থ বৰ্গৰ সহায়ক ৰাজেন তালুকদাৰ , অন্যান্য বিভাগৰ অধ্যাপক -অধ্যাপীকা কৰ্মচাৰী লগতে ছাত্ৰ-ছাত্ৰী সকলক উপস্থিত থাকে ।