কঞা যুৱক সংঘৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন, গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন

35
কঞা যুৱক সংঘৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন, গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ১ আগষ্টঃ পশ্চিম বড়িগোগ মৌজাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত কঞা যুৱক সংঘৰ উদ্যোগত আৰু কঞা ৰাইজৰ সহযোগত যুবক সংঘৰ খেল পথাৰত  সম্বৰ্ধনা জ্ঞাপন আৰু দহদিনীয়া প্ৰথম বাৰ্ষিক গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰবিবাৰে দিনৰ ভাগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিয়লি ভাগত  যোৱা ১৭ জুলাই পৰা ২৬ জুলাই তাৰিখলৈ হোৱা ১০ দিনীয়া প্ৰথম বৰ্ষ গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় । এই সম্বৰ্ধনা অনুষ্ঠানত ২০২২ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখনীয় যে , নাট কৰ্মশালা সামৰণি অনুষ্ঠাত নিশাৰ ভাগত ৰঞ্জন কলিতাৰ ৰচনা আৰু পৰিচালনাৰে “”বিষাক্ত ৰং””আৰু “”ভদ্ৰেশ্বৰ মাষ্টৰৰ বিয়লি বেলা””নামৰ দুখনকৈ নাটক প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষক সকলৰ দ্বাৰা মঞ্চস্থ কৰি নাট্য প্ৰেমী ৰাইজক আপ্লুত কৰে ।