কলিতা জনগোষ্ঠীক তীৰ্যক মন্তব্য কৰাকলৈ এজাহাৰ দাখিল , নলবাৰী সদৰ আৰক্ষী চকীত তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ বিৰুদ্ধে এজাহাৰ

29
কলিতা জনগোষ্ঠীক তীৰ্যক মন্তব্য কৰাকলৈ এজাহাৰ দাখিল , নলবাৰী সদৰ আৰক্ষী চকীত তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ বিৰুদ্ধে এজাহাৰ

ষ্টাফ ৰিপৰ্টাৰ, নলবাৰী, ফইজুল হক চৌধুৰী,৬ আগষ্ট: ঘটনা অনুসৰি সংবাদ মেল যোগে টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদৱ কোঁৱৰে বিজেপি নেত্ৰী আঙুৰলতা ডেকাক সমালোচনা কৰিব গৈ সম্পূৰ্ণ কলিতা জনগোষ্ঠীকে তীৰ্যক মন্তব্য কৰে আৰু কিছুমান অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি সম্পূৰ্ণ কলিতা জনগোষ্ঠীকে অপমান কৰে। সেই ঘটনাৰ সন্দৰ্ভত যোৱা কালি সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন নলবাৰী জিলা সমিতিয়ে নলবাৰী সদৰ আৰক্ষী চকীত এখন টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদৱ কোঁৱৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। আৰু সংবাদ মাধ্যম ৰ যোগেদি সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন নলবাৰী জিলা সমিতিৰ সম্পাদক ভুৱনেশ্বৰ কলিতাই 24 ঘণ্টাৰ ভিতৰত যাদৱ কোৱৰক ৰাজহুৱা ভাবে ক্ষমা খুজিবলৈ আহ্বান জনায় আৰু লগতে কয় যে যদি ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা নোখোজে তেতিয়াহলে অসমত বাস কৰা প্ৰায় 70 লাখ কলিতা জনগোষ্ঠীৰ লোকে লগ হৈ এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।