কামপীঠত ৰঙিয়া স্বস্তি হস্পিতাল আৰু আছুৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন

    26
    কামপীঠত ৰঙিয়া স্বস্তি হস্পিতাল আৰু আছুৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন
    দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ১৫ জুলাই : কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বান বিধস্ত পশ্চিম বড়িগোগ মৌজাৰ কামপীঠ হাইস্কুল প্ৰাংগনত আজি দিনৰ ভাগত ৰঙিয়া মহকুমা ছাত্ৰ সন্থা আৰু স্বস্তি হস্পিতালৰ উদ্যোগত আৰু পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়৷শিবিৰটো উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাসে৷শিবিৰ উদ্বোধন কৰি দাসে কয় যে বানৰ পিচত মৌজাখনৰ বিভিন্ন প্ৰান্তত নানা ধৰনৰ ৰোগৰ আবিৰ্ভাৱ হৈছে৷বানে সৰ্বশ্ৰান্ত কৰা ৰাইজে অধীক ধন ভৰি ৰোগৰ চিকিৎসা কৰিবলৈ অপৰাগ৷সেইহে আমি আছুই ৰঙিয়া স্বস্তি হস্পিতালৰ লগত আলোচনা কৰি উক্ত বিনামূলীয়া স্বাস্থ্য শিবিৰটো অনুষ্ঠিত কৰো৷ইয়াৰ পৰা ৰাইজ নিশ্চয় উপকৃত হব৷শিবিৰ উদ্বোধনী অনুষ্ঠানত স্বস্তি হস্পিতালৰ অধীক্ষক ডা° মিতুল দাসে সমবেত ৰোগী সকলক বানৰ পিচত হোৱা ৰোগৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাক বিতংকৈ বিশ্লেষণ কৰে৷শিবিৰত ডা°দাসৰ লগতে ডা° গৌতম স্বাহ,ডা° পুনম সিং,ডা° খলিলুল্লাহ ৱাহিদ,ডা° হিমাংশু শেখৰ আদিয়ে সকলো ৰোগীৰে স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধৰো যোগান ধৰে৷কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি ডেকাই আতধৰা উদ্বোধনী অনুষ্ঠানত চিকিৎসক সকলৰ লগতে স্বাস্থ্য কৰ্মী কেইবাগৰাকীও আমন্ত্ৰিত বিশিষ্ট ব্যক্তি আৰু সাংবাদিকক গামোছাৰে আদৰণি জনাই৷শিবিৰত প্ৰায় দুই শতাধিক ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে৷শিবিৰটো পৰিচালনাৰ ক্ষেত্ৰত সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিতু ডেকা,সম্পাদক অৰুণ দাস,কামৰূপ জিলা আছুৰ তথ্য সম্পাদক কমল কলিতা,পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিত পাটোৱাৰী,ভাৰপ্ৰাপ্ত সম্পাদক ত্ৰিলোচন কলিতা আদিকৰি অসংখ্য শুভাকাংক্ষী আৰু ৰাইজে স্বতঃস্ফূৰ্ত ভাবে সহযোগ কৰে ৷