কামৰূপৰ কঞাঁ ৰাজহচক্ৰ কাৰ্য্যালয়ত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

18
কামৰূপৰ কঞাঁ ৰাজহচক্ৰ কাৰ্য্যালয়ত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ২৭ জুলাই : আজি সন্ধিয়া কামৰূপ জিলাৰ হাজো সমষ্টিৰ কঞাঁ ৰাজহ চক্ৰ কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়াৰ লগত বান বিধস্ত ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লয় ৷ ৰাজহ চক্ৰটোত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে অন্বেষণ এন জি অৰ উদ্যোগত ৰাজহ চক্ৰ কাৰ্য্যালয় চৌহদত আয়োজিত এক গছপুলি ৰোপণ কাৰ্য্যসূচীত অংশলৈ কেইবাটাও গছপুলি ৰোপণ কৰে ৷ উল্লেখযোগ্য যে , এইবেলি বৰলীয়া নৈৰ মঠাউৰি দুঠাইত চিঙি ৰাজহ চক্ৰটোৰ প্ৰায়বোৰ গাৱঁৰে বিস্তৰ ক্ষতি সাধন হৈছিল ৷ আজি মন্ত্ৰী গৰাকীয়ে ৰাজহ চক্ৰৰ বিধস্ত পৰিয়াল সমুহে উপযুক্ত সাহাৰ্য্য পাইছে নে নাই , তাৰ বুজ লোৱাৰ লগতে পাবলৈ ৰৈ যোৱা প্ৰকৃত হিতাধিকাৰী সকলক পূনৰাই তালিকা ভূক্ত কৰাৰ পৰামৰ্শ দিয়ে ৷ ইয়াৰ পিচতে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে , আমি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে প্ৰকৃত বানপীৰিত ৰাইজে চৰকাৰী সাহাৰ্য্য পাইছে নে নাই , তাক বিভিন্ন পৰ্য্যায়ত তদন্ত কৰি আছো ৷ ইতিমধ্যে তিনিটা পৰ্য্যয়ত তদন্ত কৰি তালিকা প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ পিচতে মন্ত্ৰী গৰাকী বৰলীয়া নৈৰ চমুখাৰ ভগ্ন মঠাউৰি পৰ্য্যবেক্ষন কৰি জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত আলোচনাত মিলিত হয় ৷ আজি মন্ত্ৰী গৰাকীৰ লগত কামৰূপৰ অতিৰিক্ত উপায়ুক্ত প্ৰনৱ গোস্বামী , কঞা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডা° ক্ষিৰোদ কমল হাজৰিকা বন বিভাগ আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী সকলে সহযোগিতা কৰে ৷