কামৰূপ জিলাৰ নতুন উপায়ুক্ত হিচাপে আইএএছ বিষয়া কীৰ্তি জল্লীক নিযুক্তিত উৎফুল্লিত কামৰূপৰ সচেতন মহল

    28

    কামৰূপ জিলাৰ নতুন উপায়ুক্ত হিচাপে আইএএছ বিষয়া কীৰ্তি জল্লীক নিযুক্তিত উৎফুল্লিত কামৰূপৰ সচেতন মহল

    পঙ্কজ নাথ , ষ্টাফ ৰিপৰ্টাৰ , ১৪ জুলাই : কামৰূপ জিলাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কীৰ্তি জল্লীক। উল্লেখ্য যে সম্প্ৰতি কাছাৰ জিলাৰ উপায়ুক্ত হিচাপে কীৰ্তি জল্লীয়ে বান-ভূমিস্খলনৰ দুৰ্যােগপূৰ্ণ সময়ৰ মাজতে অহৰহভাৱে বন্যাৰ্তৰ কাষত থিয় দিছিল। উপায়ুক্ত গৰাকীৰ এনে কৰ্তব্যনিষ্ঠাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতাে ব্যাপক চৰ্চা লাভ কৰিছিল। তেনে এগৰাকী কৰ্তব্যনিষ্ঠা উপায়ুক্ত পাই কিছু পৰিমাণে উৎফুল্লিত হৈছে কামৰূপৰ সচেতন মহল। তেওঁলোকে নবাগত বিষয়া গৰাকীৰ পৰা কাছাৰত যেনেকৈ তেখেতে নিজৰ কৰ্তব্যৰ ওপৰত নিষ্ঠা ৰাখি কাৰো ভয়ভীত নোহোৱাকৈ নিজৰ কাম সম্পাদনা কৰি গৈছিল তদ্ৰুপ ধৰণে কামৰূপতো সাহসিকতাৰ পৰিচয় দি নিৰ্ভয়ে কাৰো ওচৰত শিৰ নত নকৰি নিজৰ কাম সম্পাদনা কৰি যাব বুলি আশা প্ৰকাশ কৰাৰ লগতে নবাগত উপায়ুক্ত কীৰ্তি জল্লীক উষ্ম আদৰণি জনাইছে জিলাখনলৈ। উল্লেখ্য যে মংগলবাৰে অসম চৰকাৰে কেইবাখনো জিলাৰ উপায়ুক্তৰ আকস্মিক ৰদ-বদলৰ নিৰ্দেশ জাৰি কৰে। নিৰ্দেশমৰ্মে কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীক বদলি কৰা হৈছে কামৰূপৰ উপায়ুক্ত হিচাপে আৰু কাছাৰৰ নতুন উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে হাইলাকান্দিৰ উপায়ুক্ত ৰোহণ কুমাৰ ঝাক ।আনহাতে কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে বুলি নিৰ্দেশত উল্লেখ কৰিছে ।