কামৰূপ জিলা সংহত উপায়ুক্ত কাৰ্যালয়ত আয়োজিত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ

21
কামৰূপ জিলা সংহত উপায়ুক্ত কাৰ্যালয়ত আয়োজিত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৫ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়তো অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ মৃত্যু বাৰ্ষিকীৰ দিনটো ‘’লোক কল্যাণ দিৱস’’ হিচাপে পালন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্য় চৰকাৰে নিষ্ঠাৱান কৰ্মচাৰীক প্ৰদান কৰা লোক সেৱা পুৰস্কাৰ জিলাখনৰ দু-গৰকী কৰ্মচাৰীক প্ৰদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি উপস্থিত থকা গণ্য-মান্য ব্যক্তি তথা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি মহান নেতা গৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰে। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৰাজনৈতিক বিচক্ষণতা, দূৰদৰ্শিতা ইত্যাদিৰ ওপৰত আলোকপাত কৰি গোপীনাথ বৰদলৈক অসম আৰু অসমীয়াই চিৰদিন চিৰকালে কৃতজ্ঞতা জনাব লাগিব বুলি মন্তব্য কৰে। তেওঁ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই এই গৰাকী মহান নেতাৰ মৃত্যু দিৱসটোক ‘’লোক কল্যাণ’’ দিৱস হিচাপে পালন কৰাৰ পদক্ষেপৰ শলাগ লয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ গণেশ্বৰ চহৰীয়াই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৰাজনৈতি, সামাজিক, আধ্যাত্মিক, জীৱনৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। ১৯২১ চনত তেখেতে ৰাজনৈতিক তথা ৰাজহুৱা জীৱনত প্ৰৱেশ কৰাৰ লগে লগে  অসমত এটা সূৰ্য্যৰ উদয় হৈছিল বুলি  উল্লেখ কৰি তেখেতৰ সামাজিক, ৰাজনৈতিক দায়বদ্ধতা আৰু দেশপ্ৰেম তুলনাবিহীন বুলি মন্তব্য কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰে তেখেতৰ মৃত্যু দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্তক আদৰণি জনায়। এই প্ৰসঙ্গত তেওঁ কয় যে এই পদক্ষেপে নৱপ্ৰজন্মক এই গৰাকী মহান নেতাৰ জীৱন আৰু কৰ্মৰাজি জুকিয়াই চোৱাৰ সুযোগ প্ৰদান কৰিব বুলি কয়।
আজিৰ এই অনুষ্ঠানত সমজুৱাৰ পৰা বিভিন্ন গৰাকী বক্তাই লোক প্ৰিয়ৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাতেৰে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ লোকসেৱা পুৰস্কাৰ লাভ কৰা উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য সহায়ক নীলমনি কলিতা আৰু হাজো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক এক্সটেনশ্যন এডুকেটৰ ৰাতুল বৈশ্যক  সম্বৰ্ধনা আৰু মান-পত্ৰ প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বেই আদৰণী ভাষণ প্ৰদান কৰা আৰু অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত কীৰ্তি জল্লীকে প্ৰমুখ্য কৰি অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত তথা কৰ্মচাৰী সকল, জেষ্ঠ সাংবাদিককে ধৰি বহু গণ্য-মান্য ব্যাক্তি উপস্থিত থাকে ।