কেৰেলাৰ বামশাসিত চৰকাৰৰ উজ্জ্বল নিদৰ্শন , দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা সকলৰ বাবে বিনামূলীয়া ইণ্টাৰনেট

35
কেৰেলাৰ বামশাসিত চৰকাৰৰ উজ্জ্বল নিদৰ্শন , দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা সকলৰ বাবে বিনামূলীয়া ইণ্টাৰনেট
ষ্টাফ ৰিপ’ৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ১৫ জুলাই: ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ পৰা এক পৃথক কল্যাণকামী ৰাজ্য হিচাপে বামশাসিত কেৰেলাই যেন আগবাঢ়ি যাবলৈ সক্ষম হ’ব তাৰেই ইংগিত বহন কৰিছে। দেশত ইণ্টাৰনেট সেৱাক মৌলিক মানৱ অধিকাৰ হিচাপে ঘোষণা কৰিছে ৰাজ্যখনৰ বামপন্থী চৰকাৰে।বাওঁপন্থী শাসিত কেৰেলাই দেশত প্ৰথমটো ইণ্টাৰনেট সেৱাৰ জৰিয়তে এক আদৰ্শ দাঙি ধৰিলে। ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সকলোৱে এইবাৰ বিনামূলীয়াকৈ ইণ্টাৰনেট সেৱা লাভ কৰিব। বৃহস্পতিবাৰে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে এই কথা ঘোষণা কৰে। ‘কেৰালা ফাইবাৰ অপটিক নেটৱৰ্ক লিমিটেড’ বিজয়ন চৰকাৰে ৰাজ্যৰ নিজা আন্তঃগাঁথনি প্ৰকল্প হিচাপে সৃষ্টি কৰিছিল। শেহতীয়াকৈ সকলো কেৰালিবাসীক নেট সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। বৃহস্পতিবাৰে এই সন্দৰ্ভত কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰে। তেওঁ লিখিছে, ‘কেৰেলা প্ৰথম ৰাজ্য য’ত নিজাকৈ ইণ্টাৰনেট সেৱা আছে। দূৰসংযোগ বিভাগৰ পৰা ইণ্টাৰনেট সেৱা প্ৰদানকাৰী (ISP) অনুজ্ঞাপত্ৰ লাভ কৰা। এইবাৰ আমাৰ কেৰেলা ফাইবাৰ অপটিক নেটৱৰ্ক (CFON) জনসাধাৰণৰ মৌলিক অধিকাৰ হিচাপে ইণ্টাৰনেট সেৱা প্ৰদান আৰম্ভ কৰিব পাৰিব। কেৰেলা চৰকাৰে দাবী কৰিছে যে এই সেৱা আৰম্ভ কৰিলে ডিজিটেল বিভাজন মচি পৰিব। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে ইণ্টাৰনেট সেৱা উপলব্ধ হ’ব।প্ৰসংগক্ৰমে ২০১৯ চনত কেৰেলা চৰকাৰে ইণ্টাৰনেট সংযোগক মৌলিক মানৱ অধিকাৰ হিচাপে ঘোষণা কৰিছিল। সেই উদ্দেশ্যে ১৫৪৮ কোটি টকাৰ কেৰেলা ফাইবাৰ অপটিক নেটৱৰ্ক প্ৰকল্প সৃষ্টি কৰা হৈছিল। ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সকলো লোককে বিনামূলীয়াকৈ ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ উদ্দেশ্য আৰু ৩০ হাজাৰ চৰকাৰী কাৰ্যালয়ত এই সেৱা দান কৰিব বুলিও জনায়।