কেৰেলাৰ বাম শাসিত চৰকাৰৰ উজ্জ্বল নিদৰ্শন , দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা সকলৰ বাবে বিনামূলীয়া ইণ্টাৰনেট

    25
    কেৰেলাৰ বাম শাসিত চৰকাৰৰ উজ্জ্বল নিদৰ্শন , দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা সকলৰ বাবে বিনামূলীয়া ইণ্টাৰনেট
    ষ্টাফ ৰিপ’ৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ১৫ জুলাই : ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ পৰা এক পৃথক কল্যাণকামী ৰাজ্য হিচাপে বামশাসিত কেৰেলাই যেন আগবাঢ়ি যাবলৈ সক্ষম হ’ব , তাৰেই ইংগিত বহন কৰিছে । দেশত ইণ্টাৰনেট সেৱাক মৌলিক মানৱ অধিকাৰ হিচাপে ঘোষণা কৰিছে ৰাজ্যখনৰ বামপন্থী চৰকাৰে । বাওঁপন্থী শাসিত কেৰেলাই দেশত প্ৰথমটো ইণ্টাৰনেট সেৱাৰ জৰিয়তে এক আদৰ্শ দাঙি ধৰিলে । ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সকলোৱে এইবাৰ বিনামূলীয়াকৈ ইণ্টাৰনেট সেৱা লাভ কৰিব । বৃহস্পতিবাৰে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে এই কথা ঘোষণা কৰে । ‘কেৰালা ফাইবাৰ অপটিক নেটৱৰ্ক লিমিটেড’ বিজয়ন চৰকাৰে ৰাজ্যৰ নিজা আন্তঃগাঁথনি প্ৰকল্প হিচাপে সৃষ্টি কৰিছিল । শেহতীয়াকৈ সকলো কেৰালিবাসীক নেট সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে । বৃহস্পতিবাৰে এই সন্দৰ্ভত কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰে । তেওঁ লিখিছে , ‘কেৰেলা প্ৰথম ৰাজ্য য’ত নিজাকৈ ইণ্টাৰনেট সেৱা আছে । দূৰসংযোগ বিভাগৰ পৰা ইণ্টাৰনেট সেৱা প্ৰদানকাৰী (ISP) অনুজ্ঞাপত্ৰ লাভ কৰা । এইবাৰ আমাৰ কেৰেলা ফাইবাৰ অপটিক নেটৱৰ্ক (CFON) জনসাধাৰণৰ মৌলিক অধিকাৰ হিচাপে ইণ্টাৰনেট সেৱা প্ৰদান আৰম্ভ কৰিব পাৰিব । কেৰেলা চৰকাৰে দাবী কৰিছে যে , এই সেৱা আৰম্ভ কৰিলে ডিজিটেল বিভাজন মচি পৰিব । দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে ইণ্টাৰনেট সেৱা উপলব্ধ হ’ব । প্ৰসংগক্ৰমে ২০১৯ চনত কেৰেলা চৰকাৰে ইণ্টাৰনেট সংযোগক মৌলিক মানৱ অধিকাৰ হিচাপে ঘোষণা কৰিছিল । সেই উদ্দেশ্যে ১৫৪৮ কোটি টকাৰ কেৰেলা ফাইবাৰ অপটিক নেটৱৰ্ক প্ৰকল্প সৃষ্টি কৰা হৈছিল । ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সকলো লোককে বিনামূলীয়াকৈ ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ উদ্দেশ্য আৰু ৩০ হাজাৰ চৰকাৰী কাৰ্যালয়ত এই সেৱা দান কৰিব বুলিও জনায় ।