ঘগ্ৰাপাৰত একেদিনাই দুখনকৈ বিজেপিৰ সভা , আজাদী কা অমৃত মহোৎসৱ”সংগতি ৰাখি ”হৰ ঘৰ ত্ৰিৰংগা’ প্ৰস্তুতি সন্দৰ্ভত সভা

18

ঘগ্ৰাপাৰত একেদিনাই দুখনকৈ বিজেপিৰ সভা , আজাদী কা অমৃত মহোৎসৱ”সংগতি ৰাখি ”হৰ ঘৰ ত্ৰিৰংগা’ প্ৰস্তুতি সন্দৰ্ভত সভা

ষ্টাফ ৰিপৰ্টাৰ , নলবাৰী , ফইজুল হক চৌধুৰী , ৩ আগষ্ট : নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত মহিলা মৰ্চা আৰু যুৱমৰ্চাৰ আজি ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগনত একেদিনাই দুখনকৈ পৃথকে পৃথকে আজাদী কা অমৃত মহোৎসৱ”ৰ সৈতে সংগতি ৰাখি “হৰ ঘৰ ত্ৰিৰংগা” শীৰ্ষক প্ৰস্তুতি কাৰ্যসূচী সন্দৰ্ভত সভা অনুষ্ঠিত কৰা হয়।প্ৰথমে দিনৰ প্ৰায় ১২ বজাত অনুষ্ঠিত হোৱা সভাখনত বিশেষকৈ “আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি” ৰাখি “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচী সাফল্য মণ্ডিত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী বড়িগোগ বনভাগ মণ্ডল সমিতিৰ উদ্যোগত মহিলা মৰ্চাৰ বুথ বাহিনীৰ আহ্বায়িকা-সহ আহ্বায়িকা সকলৰ উপস্থিতিত অনুষ্ঠিত সভা খনৰ সঞ্চালনা কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী মণিকা ভৰালীয়ে। সভাখনত নলবাৰী জিলা মহিলা মৰ্চা সভানেত্ৰী মাধৱী ৰাজবংশী উপস্থিত থাকি আগন্তুক ১৫ আগষ্ট পুৰ্বে দলীয়ভাৱে ৰূপায়ণ কৰিব লগীয়া কাৰ্যসূচীৰ ওপৰত মন্তব্য আগবঢ়ায়।সভাত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই নিজৰ ভাষণত আজাদি কা অমৃত মহোৎসৱৰ লগতে সংগতি ৰাখি ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে দলীয় মহিলা কাৰ্যকৰ্তাসকলক পৰামৰ্শ দিয়ে ।লগতে নেতাগৰাকীয়ে আগন্তক লোক সভা নিৰ্বাচনৰ বাবে দুগুণ উৎসাহেৰে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ কৰ্মীসকলক আহ্বান জনায়।সভাত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা, বুবুল দাস আদিয়ে অংশগ্ৰহণ কৰে।ইফালে উক্তস্থানতে আবেলি দলটোৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত মণ্ডল বিজেপি যুৱ মৰ্চাৰ আন এখন “হৰ ঘৰ ত্ৰিৰংগা” প্ৰস্তুতি সভা অনুষ্ঠিত হয়।বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি হৰেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁতধৰে মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মাই।সভাত নলবাৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মন উপস্থিত থাকি ”হৰ ঘৰ ত্ৰিৰংগা” আৰু বাইক ৰেলীৰ ওপৰত বিশদ মন্তব্য প্ৰদান কৰে। সভাত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই নিজৰ ভাষণত দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ উপলক্ষে পালন কৰি থকা “আজাদী কা অমৃত মহোৎসৱ”ৰ সৈতে সংগতি ৰাখি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সমগ্ৰ দেশজুৰি হৰ ঘৰ ত্ৰিৰংগা” শীৰ্ষক কাৰ্যসূচীৰ ওপৰত বিস্তৃত ভাৱে বক্তব্য আগবঢ়ায়। লগতে বেজবৰুৱাই অহা ১০ আগষ্টত ঘগ্ৰাপাৰত হ’বলগীয়া “হৰ ঘৰ” বাইক ৰেলী সন্দৰ্ভত মন্তব্য আগবঢ়ায়।উক্ত দুখন সভাতে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক শ‍্যামন্ত শৰ্মা,বুবুল দাস, মণ্ডল বিজেপিৰ সামাজিক মাধ্যমৰ আহ্বায়ক খঞ্জন তালুকদাৰসহ মণ্ডল সমিতিৰ বিভিন্ন বিষয়ববীয়াৰ লগতে মণ্ডল মহিলা মৰ্চা-যুৱ মৰ্চাৰ বিভিন্ন বিষয়ববীয়াকে ধৰি প্ৰায় চাৰি শতাধিক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।