ঘগ্ৰাপাৰৰ দতৰাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জ‍্যেষ্ঠ প্ৰচাৰক বিনায়ক বিশ্বনাথ কানেটকাৰ লৈ শ্ৰদ্ধাঞ্জলি , গীতা-পাঠ , নাগাৰা নাম পৰিৱেশনৰে মুখৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

27

ঘগ্ৰাপাৰৰ দতৰাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জ‍্যেষ্ঠ প্ৰচাৰক বিনায়ক বিশ্বনাথ কানেটকাৰ লৈ শ্ৰদ্ধাঞ্জলি , গীতা-পাঠ , নাগাৰা নাম পৰিৱেশনৰে মুখৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ষ্টাফ ৰিপৰ্টাৰ , নলবাৰী , ফইজুল হক চৌধুৰী , ১ আগষ্টঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দতৰা গাঁও পঞ্চায়তৰ সভাগৃহত কালি সন্ধিয়া ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ঘগ্ৰাপাৰ খণ্ডৰ দতৰা শাখাৰ উদ‍্যোগত সদ‍্য প্ৰয়াত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জ‍্যেষ্ঠ প্ৰচাৰক বিনায়ক বিশ্বনাথ কানেটকাৰৰ আত্মাৰ চিৰ শান্তিৰ বাবে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হয় । সন্ধিয়াৰ ভাগত বেদ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা গীতা পাঠেৰে আৰম্ভণি হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত বৌদ্ধিক প্ৰদান কৰে ক্ৰমে অখিল ভাৰতীয় সহকাৰ ভাৰতীৰ উপ সভাপতি প্ৰশান্ত বুজৰবৰুৱা , অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তথা সংঘৰ স্বয়ং সেৱক দিলিপ শৰ্মা , শংকৰদেৱ শিশু নিকেতন (উদয়পুৰ)ৰ ৰবিন ডেকাই । অনুষ্ঠানত প্ৰশান্ত বুজৰবৰুৱাই নিজৰ ভাষণত সংঘৰ জ‍্যেষ্ঠ প্ৰচাৰক প্ৰয়াত বিনায়ক বিশ্বনাথ কানেটকাৰৰ জন্ম-মৃত্যু আৰু শিক্ষা-দীক্ষাৰ ওপৰত আলোকপাত কৰাৰ লগতে সংঘ প্ৰচাৰক হিচাপে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসম তথা নলবাৰীত কিদৰে সংঘৰ সংগঠন বিস্তাৰ কৰিছিল , তাৰ ওপৰত মন্তব্য আগবঢ়ায় । উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নলবাৰী বিভাগ শাৰীৰিক প্ৰমুখ পংকজ বুজৰবৰুৱা , জিলা সহ বৌদ্ধিক প্ৰমুখ সঞ্জীৱ বৰাকে ধৰি প্ৰায় দুশতাধিক বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত সংঘৰ জ‍্যেষ্ঠ প্ৰচাৰক বিনায়ক বিশ্বনাথ কানেটকাৰ লৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । অনুষ্ঠানটিত নিশালৈকে গীতা-পাঠ আৰু নাগাৰা নামৰ পাঠিকা বিশিষ্ট পাঠিকা অনামিকা দাসে নাগাৰা নাম পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলিস্থলী মুখৰিত কৰি তোলে । অনুষ্ঠানটি আঁত ধৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ঘগ্ৰাপাৰ খণ্ড কাৰ্যবাহ দিপাংকৰ ৰাজবংশীয়ে । উল্লেখ‍্য যে , সংঘৰ জ‍্যেষ্ঠ প্ৰচাৰক কানেটকাৰৰ যোৱা ১৮ জুলাইত ইহলীলা সম্পন্ন কৰিছিল ।