চতিয়াত পুনৰ ড্ৰাগছ সহ যুৱক আটক

30
চতিয়াত পুনৰ ড্ৰাগছ সহ যুৱক আটক
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৩১ জুলাই : চতিয়াত আৰক্ষীৰ ধাৰাবাহিক অভিযানত ড্ৰাগছসহ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ চতিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত ইটাখোলা আৰক্ষী চকীৰ আই চি ভাস্কৰজ্যোতি শইকীয়াৰ সহযোগত দুই যুৱকক ২০ টা হিৰ’ইনৰ কন্টেইনাৰসহ জব্দ কৰিবলৈ সক্ষম ৷ গোপনসূত্ৰৰ পমখেদি চতিয়া আৰক্ষীয়ে এখন স্কুটিত (AS12AB 9104) অহা দুই যুৱকক সন্ধিয়া চেঙামাৰীত হিৰ’ইনৰ কন্টেইনাৰ সহ আটক কৰিবলৈ সক্ষম ৷ আটক কৰা যুৱকদ্বয় ত্ৰিনয়ন হাজৰিকা আৰু বনজিৎ চৌধুৰি বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে চতিয়া আৰক্ষীয়ে দুই যুৱকক অধিক তথ্যৰ বাবে শোধপোছ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে দুই যুৱকে ব্যবহাৰ কৰা স্কুটিখন অসম চৰকাৰৰ মেধাৱী ছাত্ৰীক প্ৰদান কৰা বাহন ৷ আজিৰ এই অভিযানত স্থানীয় ৰাইজ আৰু চেঙামাৰী গাওঁৰক্ষী বাহিনীয়ে সহযোগ কৰে ৷