চতিয়াত পেডেল মাৰি মাৰি বিধায়ক পদ্ম হাজৰিকা 

40
চতিয়াত পেডেল মাৰি মাৰি বিধায়ক পদ্ম হাজৰিকা
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৫ জুলাই : যিটো সময়ত চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আচঁনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে সেই সময়তে চৰকাৰী আচঁনিৰ সফল ৰূপায়ণ তথা প্ৰধান মন্ত্ৰীৰ আবাসগৃহ আচঁনি নিজৰ সমষ্টিত সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই তাৰ বুজ লোৱাৰ বাবে নিজা সমষ্টিৰ গাঁৱে গাঁৱে চাইকেল চলাই প্ৰধানমন্ত্ৰীৰ আবাসগৃহ নিৰ্মাণৰ কাম কাজ স্বচক্ষে পৰ্য্যবেক্ষণ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।  পুৱাই ঘৰৰ পৰা ওলোৱা বিধায়ক গৰাকীয়ে সমষ্টিটোৰ পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক  লগত লৈ চাইকেলৰ পেডেল মাৰি মাৰি হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈ চৰকাৰী আবাসগৃহ সঠিক ভাৱে নিৰ্মাণ হৈছে নে নাই সেয়া পৰ্য্যবেক্ষণ কৰে । চতিয়া সমষ্টিৰ অন্তৰ্গত ১৯ টা গাঁও পঞ্চায়ততে চৰকাৰী আচঁনিৰ সঠিক ৰূপায়ণ হোৱাত সৰ্বতোপ্ৰকাৰৰ গুৰুত্ব আৰোপ কৰিছে বিধায়ক গৰাকীয়ে । ইফালে সমষ্টিটোত নিৰ্মাণ হোৱা প্ৰধানমন্ত্ৰীৰ আবাসগৃহ সমুহৰ ভিতৰত প্ৰতিটো পঞ্চায়ততে যি গৰাকী হিতাধিকাৰীয়ে ভালকৈ গৃহটি নিৰ্মাণ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ’ব সেই গৰাকী হিতাধিকাৰীক একোটাকৈ টেলিভিচন উপহাৰ দিয়াৰ কথাও ঘোষণা কৰিছে বিধায়ক গৰাকীয়ে । চৰকাৰী আচঁনিৰ সফল  ৰূপায়ণৰ বাবে বিধায়ক গৰাকীয়ে নিজৰ সমষ্টিত লোৱা এই পদক্ষেপ ইতিবাচক হিচাপে বিবেচিত হৈছে ।   উল্লেখ্য যে বানপানীৰ সময়ত দুৰ্গত ৰাইজৰ কাষত থাকি সহায় কৰা, বন্য হস্তীৰ আক্ৰমণৰ পৰা সমষ্টিবাসীক পৰিত্ৰাণ দিয়াৰ বাবে বনৰীয়া হাতী খেদাৰ অভিযানত বনবিভাগক সহযোগ কৰাকে ধৰি নিজস্ব কিছুমান কাম কাজৰ বাবে বিধায়ক গৰাকীয়ে সমষ্টিটোত নিজৰ জনপ্ৰিয়তা অটুত ৰাখিবলৈ সক্ষম হৈছে ।