চতিয়াত বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ উদযাপন

28
চতিয়াত বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ উদযাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১ আগষ্টঃ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্পই উদযাপন কৰিছে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ ৷ ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিব বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ ৷ আজিৰ দিনৰ কাৰ্যসূচী ৰূপে মাতৃ দুগ্ধৰ উপকাৰীতাৰ সম্পৰ্কে এক সজগতা সমদল উলিয়াই চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা এল বি ৰোডৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ৷ চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্প সমাজ কল্যান বিভাগৰ বিষয়া জয় ডলেৰ নেতৃত্বত আজি “মাতৃ দুগ্ধ সহজলভ্য” , “মাতৃ দুগ্ধ বীজাণুমুক্ত“ আদি প্লেকাৰ্ড লৈ শ্ল’গানৰে চতিয়াৰ ৰাজপথত সমদলৰে সকলোকে সজাগ কৰাৰ প্ৰচেষ্টা হাতত লয় ৷ বিষয়াগৰাকীয়ে কয় যে – ” জন্মৰ এঘন্টাৰ ভিতৰত শিশুক  স্তনপান কৰাওক । কৃত্ৰিম /টেমাৰ গাখীৰ নহয়, অকল মাতৃৰ গাখীৰহে শিশুৰ বাবে অতি উত্তম । মাতৃৰ প্ৰথম ডাঠ হালধীয়া গাখীৰকন শিশুৰ বাবে মহৌষধ । শিশুক ৬ মাহলৈ মাতৃ দুগ্ধ পান কৰাওক ।