চমুখাত বান বিভিষিকাৰ পিছত এইবাৰ খহনীয়াৰ তাণ্ডব

30
চমুখাত বান বিভিষিকাৰ পিছত এইবাৰ খহনীয়াৰ তাণ্ডব
দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ২০ জুলাইঃ পশ্চিম বড়িগোগ মৌজাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত চমুখাত বান বিভিষিকাৰ পিছত এইবাৰ খহনীয়াই তাণ্ডবৰ সৃষ্টি কৰিছে । চমুখাত বৰলীয়া নদীৰ উত্তৰ দিশে গড়াখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি নৈ পৰীয়া লোকৰ বিপদ মাতি আনিছে । খহনীয়াৰ তাণ্ডৱত ইতিমধ্যে নৈপৰীয়া লোকৰ গছ গছনিৰ লগতে বাহ আদি বৰলীয়া নদীৰ বুকুত জাহ গৈ বিপদ সংকুল পৰিবেশৰ সৃষ্টি কৰিছে । উল্লেখনীয় যে , যোৱা ১৬ জুন তাৰিখে চমুখাত বৰলীয়া নদীৰ দক্ষিণ দিশত মাঠাউৰি ভাঙি বৃহত্তৰ অঞ্চলটো প্লাবিত কৰি ঘৰ দুৱাৰ উতুবাই নিয়াৰ পিছত ভঙাস্হলীৰ বিপৰীত দিশত অৰ্থাৎ উত্তৰ দিশত বৰ্তমান গড়াখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত নৈপৰীয়া লোক অসহায় হৈ পৰিছে । চৰকাৰে গড়াখহনীয়া ৰোধৰ ব্যবস্থা নকৰিলে নৈপৰীয়া লোকৰ ঘৰ দুবাৰ বৰলীয়া নদীত জাহ যাব । চৰকাৰৰ লগতে বিভাগীয় কতৃপক্ষক অতি সোনকালে ব্যবস্থা গ্ৰহণ কৰিবলৈ নৈ পৰীয়া লোকে অনুৰোধ জনাইছে ।