চাকি আৰু লেম্পেই মুল সম্বল দলগাওঁৰ এখন গাঁৱৰ ৰাইজৰ , বিদ্যুতৰ অভাৱত হাহাকাৰ অধ্যয়নৰত ছাত্ৰ – ছাত্ৰীৰ

31
 চাকি আৰু লেম্পেই মুল সম্বল দলগাওঁৰ এখন গাঁৱৰ ৰাইজৰ , বিদ্যুতৰ অভাৱত হাহাকাৰ অধ্যয়নৰত ছাত্ৰ – ছাত্ৰীৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা,দলগাওঁৰ পৰা আনোৱাৰ হুছেইন, দলগাঁও,১৯জুলাই:- ভাৰতে স্বাধীনতা পোৱাৰ প্ৰায় ৭৫ বছৰেই হ’ল ৷ এতিয়ালৈ এখন গাঁৱে দেখিবলৈ নাপালে বিদ্যুতৰ পোহৰ ৷ এই হতভগা ৰাইজৰ গাঁও খন হ’ল দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত খেৰণি চাপৰি ৷ স্বাধীনতাৰ পিছত ৰাজ্যত কিমান চৰকাৰ আহিল আৰু গ’ল ৷ গাঁও খনত বিদ্যুতৰ পোহৰহে নহ’ল ৷ প্ৰতিটো নিৰ্বাচনতে বিধায়ক, সাংসদ, পঞ্চায়তৰ প্ৰতিনিধিৰ প্ৰাৰ্থীয়ে নিৰ্বাচিত হ’লে বিদ্যুতৰ সংযোগ দিব বুলি দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচিত হোৱাৰ পিছতে ফুটুকাত পৰিণত হৈ যায় ৷ স্বাধীনতাৰ সাত দশক উকলি যোৱাৰ পিছতো নিশা চাকি আৰু লেম্প হ’ল গাঁৱৰ ৰাইজৰ সাৰথি ৷ গাঁও খনৰ অধিকাংশ ছাত্ৰ – ছাত্ৰীয়ে চাকি আৰু লেম্পৰ পোহৰতে পঢ়া শুনা কৰে যদিও কিছুসংখ্যকে চলাৰৰ পোহৰত পঢ়া – শুনা কৰিব লগা হৈছে । বৰষুণৰ বতৰত অৱশ্যে চলাৰ লাইটে কাম নিদিয়াত সকলোৰে একেই সমস্যা হৈ পৰে ৷ গাঁওখনত বিদ্যুত সংযোগ নথকাৰ বাবে বৰ্তমানৰ আধুনিক যুগত আধুনিকতাৰ সা-সামগ্ৰী ব্যৱহাৰৰ পৰাও বহু দূৰত্বত অৱস্থান কৰিবলগীয়া হৈছে গাঁওবাসী ৷ সম্প্ৰতি আটাইতকৈ প্ৰয়োজনীয় দূৰদৰ্শনৰ বাতৰি সমুহো শুনিবলৈ নোপোৱাত বহু প্ৰয়োজনীয় ও গুৰুত্বপূৰ্ণ খবৰ আদিও বহুত পলমকৈ গাঁৱৰ ৰাইজে পাবলৈ সক্ষম হোৱাত বিভিন্ন প্ৰয়োজনীয় কামকাজৰ পৰাওঁ বঞ্চিত হব লগা হৈছে ৷ কিছু সংখ্যকৰ হাতত এনড্ৰইড অথবা সাধাৰণ মোৱাইল সমুহো চাৰ্জ দিবলৈ বহু দূৰত্বত যাব লগা হয় ৷ তাতো টকা পইচাৰ বিনিময়তহে চাৰ্জ দিব লগা হয় ৷ বিদ্যুতৰ অভাৱত বৈদ্যুতিক মটৰ সংযোগ কৰিব নোৱাৰাত বিশুদ্ধ খোৱা পানীৰ পৰাও বঞ্চিত হৈছে ৷ গাঁৱখনত বিদ্যুত সংযোগৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰিছে যদিও আজিলৈকে নাপালে বিদ্যুত সংযোগ ৷ এই সন্দৰ্ভত গাঁৱখনৰ ৰাইজে অচিৰেই বিদ্যুত বিভাগৰ লগতে অসম চৰকাৰক বিদ্যুত সংযোগ কৰি দিবলৈ আহ্বান জনাইছে ৷