চিকিৎসা গ্ৰহণ কৰা ৰোগীৰ কোঠাত ১২শতাংশ জিএচটি লগোৱা বিজেপি চৰকাৰে দেশৰ উন্নয়ন কৰিব নোৱাৰে-যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্ত , মৰিগাঁও জিলা যুৱ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি হৰ্ষ প্ৰকাশ বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ

28
??????
চিকিৎসা গ্ৰহণ কৰা ৰোগীৰ কোঠাত ১২শতাংশ জিএচটি লগোৱা বিজেপি চৰকাৰে দেশৰ উন্নয়ন কৰিব নোৱাৰে-যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্ত , মৰিগাঁও জিলা যুৱ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি হৰ্ষ প্ৰকাশ বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৮ জুলাই : অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি ঔষধৰ দাম বৃদ্ধি কৰাৰ লগতে বিজেপি চৰকাৰে চিকিৎসালয়ৰ বিছনাত চিকিৎসা গ্ৰহণ কৰি থকা ৰোগীৰ বিছনাৰ নামত ১২ শতাংশ জিএচটি লগাই ৰোগীকো কেঁকোৰা চেপাঁ দি চেপিছে। পে’ট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ ফলত ৰোগীসকলে এম্বুলেন্সৰ ভাড়া কৰি উন্নত চিকিৎসাৰ বাবে ৰোগীয়ে এখন চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰা কোঠাটোৰ বাবদ ১২শতাংশ জিএচটি লগোৱা বিজেপি চৰকাৰে দেশৰ কি উন্নয়ন কৰিব।চিকিৎসালয়ত ৰোগী তথা জনসাধাৰণে আনন্দ উৎসৱ কৰিবলৈ যাই নেকি বুলি আজি মৰিগাঁৱত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই।আজি মৰিগাঁও জিলা পবিতৰা হাত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জিলা যুৱ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি হৰ্ষ প্ৰকাশ বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ  “সংকল্প” অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই বিজেপি নেতৃত্বাধীন চৰকাৰক চোকা সমালোচনা কৰি কয় যে- চৰকাৰে সকলোতে জিএচটি লগোৱাৰ ফলত সৰ্বসাধাৰণ লোকে সুখেৰে জীৱন নিৰ্বাহ কৰাত বাধা আহি পৰিছে। শিক্ষিত নিবনুৱা সমস্যাৰে জৰ্জৰিত সমগ্ৰ ভাৰত বৰ্ষৰ লগতে অসমতো এতিয়া যুৱক-যুৱতী সকলে হতাশাত ভুগিছে। কিন্তু কংগ্ৰেছৰ শাসন কালত শিক্ষিত যুৱক-যুৱতী সকলে আজিৰ দৰে হতাশাত ভাগি পৰা নাছিল বুলি মন্তব্য প্ৰকাশ কৰাৰ উপৰিও সভানেত্ৰী অংকিতা দত্তই পুনৰ কয় যে- কভিডে জনসাধাৰণক আতংকৰ সৃষ্টি কৰা সময়তো অসমত মুখ্যমন্ত্ৰীৰ পত্নীৰ কম্পেনীৰ পৰা পাঁচগুণ দামত পিপিইকিট কিনি ৰাজ্য চৰকাৰে বিয়াগোম কেলংকাৰী সংঘটিত কৰিছে। অসমত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা বছৰতেই ১৬১টা ভুৱা এনকাউণ্টাৰ সংঘটিত কৰিছে।এই বিজেপি চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে সকলোৱে মিলি একগোট হৈ থিয় হ’বলৈ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই সকলোকে আহ্বান জনায়। যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ইজাজ হুছেইনৰ সভাপতিত্বত আৰু মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক শশীমোহন বিশ্বাসে আঁতধৰা অনুষ্ঠানটিত এন এচ ইউ আইৰ সভাপতি জিতু বৰদলৈ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে শ্ৰৱণ ডেকাৰজা,সিমান্ত হাজৰিকা, মইদুল ইচলাম খানকে ধৰি বহু কেইজন জিলা কংগ্ৰেছ কমিটিৰ লগতে যুৱ কংগ্ৰেছৰ বিষয়ববীয়া তথা ৰাজ্যিক যুৱ কংগ্ৰেছৰ বিষয়ববীয়া আৰু সদস্য-সদস্যাই অংশ গ্ৰহণ কৰে। ইফালে,মৰিগাঁও জিলা যুৱ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি হৰ্ষ প্ৰকাশ বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই পে’ট্ৰল,ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে চিকিৎসা গ্ৰহণ কৰা ৰোগীৰ বিছনাৰ নামত জিএচটি লগোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে মৰিগাঁও চহৰৰ মাজমজিয়াত চৰকাৰ বিৰোধী শ্লো’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিমূৰ্ত্তি দাহ কৰে।