চিলাপথাৰত মৈৰাবাৰী আৰক্ষীয়ে সাংবাদিকক গ্ৰেপ্তাৰ কৰা কাণ্ডকলৈ বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ উদ্যোগ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত এক ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

19
চিলাপথাৰত মৈৰাবাৰী আৰক্ষীয়ে সাংবাদিকক গ্ৰেপ্তাৰ কৰা কাণ্ডকলৈ বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ উদ্যোগ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত এক ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী
দুৰ্নীতিৰ দৰ্পণ , চিলাপথাৰ , ২৭ জুলাই : সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত আজি বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ উদ্যোগ আৰু চিলাপথাৰৰ বিভিন্ন দল সংগঠনৰ সহযোগত আজি চিলাপথাৰ জোনাইৰোড জীৰণি চ’ৰাত ৰূপায়ন কৰা হয় এক ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । উল্লেখ্য যে , মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চাপৰিত চাৰি লম্পটে পৰ্ণ ভিডিঅ নিৰ্মাণ কৰাৰ বাতৰি অসমৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছতেই মৈৰাবাৰী থানাৰ অ, চি ছাব্বিৰ আলিয়ে অপৰাধীক ৰঙাদলিচা পাৰি দি ওলোটাই বাতৰি লিখা দুজনকৈ নিৰপেক্ষ সাংবাদিকক আক্ৰশমূলক ভাবে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা আৰক্ষীৰ কৰ্মকাণ্ডক লৈ এতিয়া জ্বলিছে ৰাজ্য । আজি সাংবাদিক দুগৰাকীৰ মুক্তিৰ লগতে পূৰ্ণ ভিডিঅ নিৰ্মাণকাৰীক শাস্তি দিয়াৰ লগতে অ চি ছাব্বিৰ আলিক চাকৰিৰ পৰা নিলম্বন কৰাৰ দাবীত বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু চিলাপথাৰ আছু , ছাত্ৰ মুক্তি , কৃষক মুক্তি , এজেৱাইচিপি , আনিছু , সোনোৱাল কছাৰী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা , জাতীয়তাবাদী মহিলা পৰিষদ আদি বিভিন্ন দল সংগঠনৰ সহযোগত ৰূপায়িত এক ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সাংবাদিক সকলে কলা বেজ পৰিধাণ কৰি হাতে হাতে প্লে-কাৰ্ড লৈ সাংবাদিকৰ সুৰক্ষা সু- নিশ্চিত কৰক , অ চি ছাব্বিৰ আলিক নিলম্বন কৰক , মৰিগাঁও পুলিচ হায় হায় , মৈৰাবাৰী পুলিচৰ দম দাদাগিৰি নচলিব আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তুলি পৰিবেশ ।