চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

33

চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

বিকাশ শইকীয়া , চিলাপথাৰঃ ৬ আগষ্ট ঃ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তি ছাত্ৰ-ছাত্ৰী সকলক চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজহুৱাকৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হোৱা এই বিশেষ অভিনন্দন অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় নেতৃত্ব , স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক আৰু শিক্ষানুষ্ঠান সমূহৰ মুৰব্বী সকল উপস্থিত থাকে । হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৫ শতাংশৰ উৰ্ধত নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা চিলাপথাৰ অঞ্চলৰ মুঠ ৩৯  জন কৃৰ্তী ছাত্ৰ-ছাত্ৰী  চিলাপথাৰ আঞ্চলিকৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই অভিনন্দন জনাই । এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰমজিৎ গগৈয়ে ।  চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক পাপলু গগৈয়ে সভাখনিৰ আদৰণি ভাষণ আগবঢ়়োৱাৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মণ্টুৰাজ বৰুৱাই উদ্বোধনী ভাষণ আগবঢ়ায় । ইয়াৰ পাছতেই ছাত্ৰ সন্থাৰ দৃষ্টিভঙ্গী আগবঢ়াই সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাই। অতিথিৰ ভাষণত চিলাপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুহিধৰ টায়ে,  সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈ , ইউটিপিয়ান একাডেমীৰ সঞ্চালক সিদ্ধাৰ্থ ফুকন , সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ছান ভেলী একাডেমীৰ সঞ্চালক অমৃত নাথে । ইয়াৰ পাছত কৃৰ্তি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন আৰু সম্বৰ্ধনাৰ জনোৱা হয় । অনুষ্ঠানটিৰ আঁত ধৰে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাপলু গগৈয়ে । সভাখনিত উপস্থিত থাকে অসম কবি সন্মিলনীৰ সহকাৰী সম্পাদক ভূবন দাস , সমাজকৰ্মী , গৱেষক উত্তম দাস ,  ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ক্ৰমে ৰবি কছাৰী , দেৱ কলিতা , হীৰেণ শৰণীয়া ,  মুখ্য সাংগঠনিক সম্পাদক দেবেন ডেকা আৰু বিত্ত সম্পাদক জয়ন্ত বৰগোঁহাই , ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ , সাধাৰণ সম্পাদক অৰ্ণিবাণ শইকীয়া , সহঃ সম্পাদক বিটু সাহ , জোনাই মহকুমাৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ লগতে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা , শ্ৰীপাণি আঞ্চলিক ছাত্ৰ সন্থা , ধেমাজি আঞ্চলিক ছাত্ৰ সন্থা , গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি , সম্পাদক সকলৰ লগতে সদস্য সকল উপস্থিত থাকে । সভাৰ শেষলৈ এটি কণমানিৰ এটি নৃত্যই সভাত উপস্থিত সকলোকে আপ্লুত কৰে । ইয়াৰ পাছতেই সভাপতিৰ সাৰুৱা ভাষণেৰে সভাখনি অন্ত পৰে ।