চৰকাৰী কৰ্মচাৰীৰ অদক্ষতা আৰু ৰাইজৰ দুৰ্ভোগ

37
চৰকাৰী কৰ্মচাৰীৰ অদক্ষতা আৰু ৰাইজৰ দুৰ্ভোগ
চৈয়দ মেহবুব দেৱান , বুঢ়াদৈ চপৰা , দৰং
অসম চৰকাৰৰ বিভিন্ন দপ্তৰৰ একাংশ বিষয়া-কৰ্মচাৰীৰ অদক্ষতাৰ ফলশ্ৰুতিত সৰ্ব-সাধাৰণ ৰাইজে বিভিন্ন ক্ষেত্ৰত সীমাহীন দুৰ্ভোগ ভুগিব লগীয়া হোৱাটো সাম্প্ৰতিক সময়ত এক অলিখিত নিয়মত পৰিণত হৈছে ৷ উদাহৰণ স্বৰূপে উপায়ুক্তৰ কাৰ্যালয় সমুহৰ নিৰ্বাচনী শাখাৰ একাংশ বিষয়া-কৰ্মচাৰীৰ অদক্ষতাৰ বাবে জনসাধাৰণৰ ভোটাৰ পৰিচয় পত্ৰ সমুহত অগণন ভুল সংঘটিত হৈ আহিছে ৷ আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কৰা এই ভুলৰ বাবেই ভোটাৰ পৰিচয় পত্ৰ দাখিল কৰিব লগীয়া বিভিন্ন চৰকাৰী কাম কাজৰ ক্ষেত্ৰত চৰকাৰী নীতি-নিয়মৰ মেৰপাকত পৰি হাৰাশাস্তি ভুগিব লগীয়া হৈ আহিছে সৰ্ব-সাধাৰণ ৰাইজে ৷ ঠিক সেই দৰে যদি আমি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমুহৰ জমাবন্দী-চিঠা বহী আদিত অলপ চকু ফুৰাও তেন্তে তাতো মাটিৰ নামজাৰিৰ ক্ষেত্ৰত ক্ৰেটা-বিক্ৰেটা অথবা উত্তৰাধিকাৰী সকলৰ নাম অথবা মাটিৰ দাগ নম্বৰ-পট্টা নম্বৰৰ এশ এবুৰি ভুল ৷ আৰু এই ভুল শুধৰাব লগীয়া হ’লে , তাৰ বাবে বিভিন্ন তথ্য-পাতি তথা নথি-পত্ৰ দাখিল কৰিব লগীয়া হোৱাৰ উপৰিও বিভিন্ন ধৰণে হাৰাশাস্তি ভুগিব লগীয়া হয় সৰ্ব-সাধাৰণ ৰাইজে ৷ তাৰোপৰি বহু সময়ত ল’ৰা-ছোৱালীৰ জন্মৰ প্ৰমাণ পত্ৰ , ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ আদি কেতবোৰ গুৰুত্বপুৰ্ণ নথিত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ ভুলৰ বাবে সংঘটিত হৈ অহা নাম-ঠিকনা , বয়স অথবা লিংগৰ বিসংগতিয়ে বিভিন্ন সময়ত সৰ্ব-সাধাৰণ ৰাইজক হাৰাশাস্তি ভোগাই আহিছে ৷  চৰকাৰী দপ্তৰ সমুহত সততেই সংঘটিত হৈ অহা এই ধৰণৰ এশ এবুৰি ভুলৰ মূল কাৰণ হৈছে-একাংশ বিষয়া-কৰ্মচাৰী তথা নিজৰ কামৰ প্ৰতি অসচেতনতা-অসাৱধানতা তথা অদক্ষতা ৷ এই ধৰণৰ অসচেতন-অদক্ষ তথা কাণ্ডজ্ঞানহীন একাংশ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰী দপ্তৰ সমুহত স্থান লাভ কৰাৰমূলতেই হ’ল চৰকাৰৰ ক্ৰুটিপুৰ্ণ নিয়োগ ব্যৱস্থা ৷ আমাৰ চৰকাৰী দপ্তৰ সমুহৰ বেছিভাগ পদৰেই নিযুক্তিৰ ক্ষেত্ৰত নিয়োগকৰ্তা সকলে ঘাইকৈ উৎকোচ দিব পৰা প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়ে ৷ কিছু সংখ্যক দপ্তৰৰ কিছুমান পদৰ নিযুক্তিৰ ক্ষেত্ৰত দক্ষতা তথা যোগ্যতাক প্ৰাধান্য দিয়ে যদিও সেই দক্ষতা নিৰ্ধাৰণ কৰে প্ৰাৰ্থীৰ শিক্ষাগত নথি-পত্ৰৰ ওপৰত ৷ কিন্তু অপ্ৰিয় হ’লেও সেয়া সত্য যে , এটি চৰকাৰী পদত নিযুক্তিৰ ক্ষেত্ৰত এগৰাকী প্ৰাৰ্থীৰ যোগ্যতা অথবা দক্ষতা নিৰুপনৰ ক্ষেত্ৰত প্ৰাৰ্থী গৰাকীৰ শিক্ষাগত অৰ্হতাৰ নথি-পত্ৰকেই একমাত্ৰ মাধ্যম অথবা সমল হিচাপে গণ্য কৰা উচিত নহয় ৷ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ উপৰিও যি বিভাগৰ পদৰ বাবে মকৰল কৰা হয় , সেই বিভাগৰ লগত জড়িত প্ৰশ্ন সন্নিবিষ্ট কৰি সেই সকল প্ৰাৰ্থীৰ ধাৰাবাহিক ভাবে লিখিত তথা মৌখিক পৰীক্ষা লোৱা উচিত আৰু প্ৰয়োজন অনুসাৰে নিযুক্তিৰ পাছত প্ৰশিক্ষণো দিয়া উচিত ৷ কিন্ত আমাৰ ৰাজ্যত এই ক্ষেত্ৰত পৰীক্ষা লোৱা হয় যদিও সেয়া কেৱল নামমাত্ৰ ৷ যাৰ ফলত কিছুমান অকৰ্মণ্য তথা অযোগ্য ব্যক্তিয়ে কিছুমান গুৰুত্বপুৰ্ণ চৰকাৰী বিভাগৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেৱাৰ নামত ৰাইজে সেই সকল বিষয়া-কৰ্মচাৰীৰ দ্বাৰা যমৰ যাতনা ভুগিবলগীয়া হৈ আহিছে ৷ বিভিন্ন ক্ষেত্ৰত একাংশ চৰকাৰী কৰ্মচাৰীয়ে মানুহৰ ঘৰে ঘৰে কিছুমান জৰিপ চলাবলৈ আহোতে আমি নিজেই বহুবাৰ প্ৰত্যক্ষ কৰিছো যে , এনে কিছুমান চৰকাৰী কৰ্মচাৰীয়ে কিছুমান গুৰুত্বপুৰ্ণ বিষয়ৰ ওপৰত জৰিপ কৰাৰ কাৰ্যত চৰকাৰে নিয়োজিত কৰে যি সকল কৰ্মচাৰীয়ে মানুহৰ নামটোৱেই শুদ্ধকৈ লিখিব নাজানে ৷ আনহাতে , জন্ম-মৃত্যুৰ পঞ্জীয়ন , চিকিৎসালয়ত ৰোগীৰ নাম পঞ্জীয়ন আদি সকলোতে তদ্ৰুপ দৃশ্য ৷ গতিকে , তেনে কিছুমান অপদাৰ্থই চৰকাৰী চাকৰি কিহৰ ভিত্তিত লাভ কৰিবলৈ সক্ষম হৈছে , সেয়া সহজেই অনুমেয় ৷ শেষত কও যে , চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দ্বাৰা হোৱা ভুলৰ বাবে ৰাইজক হাৰাশাস্তি দিয়া ব্যৱস্থা সমুহৰ শীঘ্ৰে  অৱসান ঘটোৱা উচিত ৷  লগতে অপদাৰ্থ  কিছুমানে যাতে চৰকাৰী পদবী লাভ কৰিব নোৱাৰে , তাৰ প্ৰতি চৰকাৰ কঠোৰ হোৱা উচিত  ৷