চৰকাৰী বিষয়া-কৰ্মচাৰীক আক্ৰমন কৰা অভিযুক্তৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলড’জাৰ 

28
চৰকাৰী বিষয়া-কৰ্মচাৰীক আক্ৰমন কৰা অভিযুক্তৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলড’জাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , দলগাওঁৰ পৰা আনোৱাৰ হুছেইন , দলগাঁও , ১৪ জুলাই : দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত দুলীয়াপাৰাত চৰকাৰী মাটি কৰ্তৃপক্ষক চমজাই দিবলৈ যোৱা কে’বাজনো চৰকাৰী বিষয়া – কৰ্মচাৰীক বেদখলকাৰীয়ে আক্ৰমণ কৰাৰ পাছতেই আজি বুলড’জাৰেৰে অভিযুক্তৰ বাসগৃহ উচ্ছেদ কৰিলে প্ৰশাসনে ৷ আজি শতাধীক আৰক্ষী, সেনা জোৱানক লগত লৈ জিলা আৰক্ষী অধীক্ষক, দলগাঁও ৰাজহ চক্ৰ বিষয়া আৰু থানাৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয় ৷ বিষয়া – কৰ্মচাৰীক আক্ৰমণ কৰা অভিযুক্ত গফুৰ আলী, জহৰ আলী, চফিকুল ইছলাম, ফাইজুল আলী আৰু ৰফিকুল ইচলামৰ ঘৰৰ ওচৰত গৈ প্ৰশাসনে প্ৰথমতে চৰকাৰী মাটিত বসবাস কৰা অভিযুক্ত মানুহ কেইজনৰ পৰিয়ালক  গৃহ ত্যাগ কৰি যাবলৈ আহ্বান জনায় ৷ তাৰ ক্ষন্তেক সময়ৰ পাছতে আৰক্ষীয়ে বুলড’জাৰেৰে জহুৰ আলী আৰু তেওঁৰ পুত্ৰ ফাইজুল আলী, গফুৰ আলী আৰু তেওঁৰ পুত্ৰ শ্বাহাজুদ্দিন আলীৰ মুঠতে চাৰিটা বাসগৃহৰ লগতে মুঠ দুই বিঘা মাটিত উচ্ছেদ চলায় ৷ উল্লেখযোগ্য যে , দৰঙৰ  উপায়ুক্তৰ নিৰ্দেশ মৰ্মে যোৱা মংগলবাৰে দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দুলিয়াপাৰা গাঁৱৰ ৩৭০ চিলিং চৰকাৰী দাগৰ এক বিঘা চাৰি কঠা ১৫ লেচা  মাটি এন আৰ এল কৰ্তৃপক্ষক হস্তান্তৰ কৰিবলৈ গৈ গাঁও প্ৰধান আব্দুৰ ৰহমান, লাট মণ্ডল জিতু চহৰীয়া, কানোনগো ভৱেন বৰুৱাৰ লগতে নুমলীগড় ৰিফাইনাৰী কতৃপক্ষৰ পাঁচ জনীয়া দলটো বেদখলকাৰীৰ আক্ৰমণৰ সন্মূখীন হৈছিল ৷ বিষয়াৰ দলটোক অভিযুক্তই খেদি খেদি আক্ৰমণ কৰাত দৌৰি গৈ কোনো মতে ৰণৰক্ষা কৰি গাড়ীত উঠি পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷ ঘটনা সন্দৰ্ভত গাঁওবুঢ়া আৰু বিষয়া সকলে অভিযুক্ত কেইজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাত ফাইজুৰ আলী নামৰ আন এজন অভিযুক্তক আটক কৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছিল ৷  ঘটনাটোক কেন্দ্ৰ কৰি গাঁওখনত তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে আজি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰি বুলড’জাৰ চলাই দুস্কৃতিকাৰী সকলক সতৰ্ক কৰি দিলে ৷ ৰাজহ চক্ৰ বিষয়াই কয় উক্ত আক্ৰমণৰ ঘটনাৰ লগত এই উচ্ছেদৰ কোনো সম্পৰ্ক নাই ৷ চৰকাৰী মাটিত বেদখল উচ্ছেদ কৰিবলৈহে আজিৰ এই অভিযান ৷ শ্বাহাজুদ্দিন, গফুৰ আৰু জহুৰক আলী আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ৷