চৰকাৰে নিষিদ্ধ কৰা একক ব্যৱহাৰ্য প্লাষ্টিকজাত সামগ্ৰীৰ বিৰুদ্ধে  কঠোৰ শিৱসাগৰ পৌৰসভা আৰু জিলা প্ৰদূষণ নিয়ন্ত্ৰণ কক্ষৰ , ১৬২ কেজি প্লাষ্টিক জব্দ কৰিলে সঁজাতি দলে

34

চৰকাৰে নিষিদ্ধ কৰা একক ব্যৱহাৰ্য প্লাষ্টিকজাত সামগ্ৰীৰ বিৰুদ্ধে  কঠোৰ শিৱসাগৰ পৌৰসভা আৰু জিলা প্ৰদূষণ নিয়ন্ত্ৰণ কক্ষৰ , ১৬২ কেজি প্লাষ্টিক জব্দ কৰিলে সঁজাতি দলে

দুৰ্নীতিৰ দৰ্পণ সেৱা,বিশেষ সেৱা,শিৱসাগৰ , ২২ জুলাইঃ সমগ্ৰ দেশতে প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে নিষিদ্ধ ঘোষণা কৰা তথা ১ জুলাইৰ পৰা একক ব্যৱহাৰ্য প্লাষ্টিক বা পলিথিন জাত সামগ্ৰীৰ বিৰুদ্ধে আজি শিৱসাগৰ পৌৰসভাৰ ৰাজহুৱা স্বাস্থ্য বিধিসন্মত ব্যৱস্থাৱলীৰ বিভাগৰ বিষয়া নৱ কুমাৰ সিং,প্ৰদূষণ নিয়ন্ত্ৰণ কক্ষৰ বিষয়া অঞ্জন শইকীয়াৰ নেতৃত্ব যোৱা এটি সঁজাতি দলে শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ ষ্টেচন চাৰি আলিৰ  ৰতন লাল মেচেৰ্চ প্ৰতিষ্ঠানটোত অতৰ্কিত অভিযান চলায়  একক ব্যৱহাৰযোগ্য পলিথিন জব্দ কৰে।অভিযানত প্ৰতিষ্ঠানটিৰ পৰা প্ৰায় ১৬২ কেজি ওজনৰ এবাৰ ব্যৱহাৰ্য পলিথিন সামগ্ৰী জব্দ কৰাৰ লগতে ২০০০(দুহেজাৰ টকা) জৰিমনা বিহে।উল্লেখ্য যে চৰকাৰে এবাৰ ব্যৱহাৰ্য পলিথিন সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা পিছতো প্ৰতিষ্ঠানটোৱে উক্ত ১৬২ কেজি পলিথিন মজুত কৰি ৰাখিছিল।শিৱসাগৰত এতিয়াও একাংশ ব্যৱসায়-প্ৰতিষ্ঠানত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা এবাৰ ব্যৱহাৰযোগ্য পলিথিনৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে।ইপিনে অভিযানকাৰী দলটোৱে সংবাদ মাধ্যমত জনোৱা মতে জিলাখনৰ প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানত এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলিব বুলি উল্লেখ কৰে। এবাৰ ব্যৱহাৰ কৰা  প্লাষ্টিক তথা তেনে প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা কাপ, প্লেট কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি  ‘চিঙ্গল ইউজ বা এবাৰ ব্যৱহাৰ কৰা প্লাস্টিকৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰী নিষিদ্ধ  ঘোষণা কৰিছে ভাৰত চৰকাৰে।এই সংক্ৰান্তত এখন বিজ্ঞপ্তি জাৰি কৰি নিষেধাজ্ঞাৰ সিদ্ধান্ত ঘোষণা কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে।ইয়াৰে লগতে ৫০ মাইক্ৰ’নৰ সলনি ১২০ মাইক্ৰ’ন ঘনত্বযুক্ত পলিথিনৰ বেগ ব্যৱহাৰ কৰিব লাগিব বুলিও সেই বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা হৈছে।বিজ্ঞপ্তি অনুসৰি ১ জুলাইৰ পৰা মাথোন এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাস্টিক তথা তেনে প্লাস্টিকৰ দ্বাৰা তৈয়াৰ কৰা কাপ-প্লেট, কাঁটা চামুচ, মিঠাই বা চিগাৰেটৰ পেকেটৰ বাহ্যিক আৱৰণৰ লগতে পলিস্টাইৰিন, এক্সপান্ডেড পলিস্টাইৰিনৰ আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।