ছিপাঝাৰত ‘নেপনি’ ষ্ট্ৰাষ্টৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সহায়ৰ হাত , দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ  শিক্ষা লাভৰ ব্যৱস্থা

46
ছিপাঝাৰত ‘নেপনি’ ষ্ট্ৰাষ্টৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সহায়ৰ হাত , দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ  শিক্ষা লাভৰ ব্যৱস্থা
দুৰ্নীতিৰ দৰ্পণ সেৱা , চৈয়দ মেহবুব দেৱান , পশ্চিম দৰং , ১৭ জুলাইঃ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ পেৰামেডিকেল শিক্ষা লাভৰ ব্যৱস্থা কৰিব নেপনি ট্ৰাষ্টে ৷ আজি ছিপাঝাৰৰ শংকৰ আজান জেনিথ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দৰিদ্ৰ তথা বানত ক্ষতিগ্ৰস্ত লোকৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰি এই ঘোষণা কৰে নেপনি ট্ৰাষ্টৰ কাৰ্যবাহী সভাপতি বাবুল আলীয়ে ৷ পেৰামেডিকেলৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীৰ অভাৱৰ বাবে এইমছকে ধৰি অসমৰ বিভিন্ন চিকিৎসালয়ত বহিঃৰাজ্যৰ লোক নিয়োজিত হৈ থকা বুলি উল্লেখ কৰি আলীয়ে ২০২৫ ত ৰাজ্য চৰকাৰে নিযুক্তি দিবলগীয়া প্ৰায় ২৫০০০ পদৰ বাবে অসমৰ শিক্ষাৰ্থী সকলক পেৰামেডিকেলৰ পাঠ্যক্ৰম কৰি নিযুক্তি লাভৰ বাবে সাজু হবলৈ আহ্বান জনায় ৷ নিজৰ বক্তব্যত বাবুল আলীয়ে ৰাজ্য চৰকাৰক ভূয়সী প্ৰশংসা কৰি সকলো ক্ষেত্ৰতে চৰকাৰক আশা কৰি বহি নাথাকি বিভিন্ন ব্যৱহাৰিক পাঠ্যক্ৰমৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট মুকলি কৰি ল’বলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায় ৷  আজি শংকৰ আজান জেনিথ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহযোগত বিদ্যালয় প্ৰাঙ্গণত নেপনি ষ্ট্ৰাষ্টে ১২৫ টা দৰিদ্ৰ তথা বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতিটো পৰিয়ালক  ১০ কিলোগ্ৰাম চাউল,২ লিটাৰ মিঠাতেল,২ কিলোগ্ৰাম দাইল,চয়াবিনৰ লগতে ফেনাইল,ব্লিচিং পাউদাৰ, চাবোনকে ধৰি বিভিন্ন খাদ্য-সামগ্ৰী যোগান ধৰে  ৷ শংকৰ-আজান জেনিথ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক জয়ন্ত ডেকা, জয়ন্ত নাথ আৰু কৰ্মচাৰী ইউনুছ আলী তথা নেপনি’ৰ শিক্ষক-শিক্ষাৰ্থী আৰু কৰ্মকৰ্তা সকলৰ সহযোগত এই খাদ্য-সামগ্ৰী বিতৰণ কৰা অনুষ্ঠানটো পৰিচালনা কৰে ।