ছেমি ফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যা হিমা দাস

14
ছেমি ফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যা হিমা দাস
ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,৪আগষ্টঃপ্ৰথম স্থান দখলেৰে পৰৱৰ্তী ৰাউণ্ডলৈ ধিং এক্সপ্ৰেছ। ২০০ মিটাৰ ট্ৰেকত সকলোতকৈ আগত থাকি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমা দাসে।ইয়াৰ বাবে হিমাই সময় লয় মাত্ৰ ২৩.৪২ ছেকেণ্ড। ছেমিফাইনেলতো এনেদৰে সফল হলে ফাইনেলত খেলিব হিমা।এতিয়া একপ্ৰকাৰ ২০০ মিটাৰত হট ফেভাৰিত অসম কন্যা হিমা দাস। সকলোৱে অধিৰ আগ্ৰহেৰে বাট চাইছে হিমাৰ পৰৱৰ্তী খেললৈ।অসম কন্যা তথা ধিং এক্সপ্ৰেছৰ পৰা এতিয়া অসমৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে সোণৰ পদক আশা কৰিছে।আজিয়ে অনুষ্ঠিত হব ছেমিফাইনেলৰ খেল। নিশা ১২.৫৩ বজাত ছেমি ফাইনেলৰ যুঁজত নামিব হিমা।