ছোনীয়া গান্ধীলৈ ED চমনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী দৰং জিলা কংগ্ৰেছৰ

32
ছোনীয়া গান্ধীলৈ ED চমনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী দৰং জিলা কংগ্ৰেছৰ

মঙলদৈৰ পৰা প্ৰাঞ্জল কুমাৰ শৰ্মা , ২২ জুলাইঃ শুক্ৰবাৰে দৰং জিলা কংগ্ৰেছে মঙলদৈ স্থিত ৰাজীৱ ভবনত জাতীয় কংগ্ৰেছৰ সভানেত্ৰী  ছোনীয়া গান্ধীলৈ ED চমনৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।  দৰং জিলা কংগ্ৰেছৰ সভাপতি কামিনী ডেকাৰ নেতৃত্বত উলিওৱা কংগ্ৰেছৰ প্ৰতিবাদী সমদলত মঙলদৈ আৰক্ষীয়ে বাধা আৰোপ কৰাৰ লগতে ৰাজীৱ ভৱনতেই আবদ্ধ কৰিলে জিলা কংগ্ৰেছ কৰ্মীসকলক । উল্লেখযোগ্য যে , ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী নেশ্যনেল হেৰাল্ড পেপাৰৰ আৰ্থিক দুৰ্নীতিৰ গোচৰত কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীক এনৰ্ফোচমেন্ত ডিৰেক্তৰে সোধপোচ কৰাৰ বাবে এক চমন জাৰি কৰিছিল আৰু তাৰ  প্ৰতিবাদত সমগ্ৰ ভাৰতবৰ্ষতে জাতীয় কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল ।এই প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰাক্তন কংগ্ৰেছী সাংসদ মাধব ৰাজবংশীয়ে কয় যে বিজেপি চৰকাৰৰ আক্ৰোষৰ বলি হৈছে সভানেত্ৰী ছোনিয়া গান্ধী ।কিয়নো নেশ্যনেল  হেৰাল্ড কাকতৰ বিষয়ক লৈ ন্যায়ালয়ে ক্লিনচিট দিয়াৰ পাছটো বিজেপি চৰকাৰে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক মাটি নি বাৰে বাৰে হাৰাশাস্তি কৰাৰ প্ৰতিবাদত আজিৰ এই সত্যাগ্ৰহ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বাধ্য হৈছোঁ । আনহাতে , অসম জাতীয় কংগ্ৰেছৰ সম্পাদক তথা দৰং জিলা কংগ্ৰেছৰ সম্পাদক  কন্দৰ্প কলিতাই কয় যে ছোনিয়া গান্ধী  আৰু ৰাহুল গান্ধীৰ ওপৰত বিজেপি চৰকাৰে যি অত্যাচাৰ আৰম্ভ কৰিছে সেয়া অতিশিঘ্ৰে বিজেপি চৰকাৰে বন্ধ কৰক।আজি এই প্ৰতিবাদী সত্যাগ্ৰহ আন্দোলনৰ জৰিয়তে উপায়ুক্তৰ জড়িয়তে ৰাষ্ট্ৰপতিলৈ যি স্মাৰক পত্ৰ প্ৰদান কৰা কঁথা আছিল সেয়াও সম্পূৰ্ণ কৰিব নিদিলে আৰু আন্দোলনৰ আধাতে প্ৰশাসনিক বিষয়া আহি সেই স্মাৰক পত্ৰ গ্ৰহণ কৰে।বিজেপি চৰকাৰক সকিয়াই দিছোঁ যাতে আক্ৰোষমূলক ৰাজনীতি নকৰে ।অন্যথা ভবিষ্যতে এক ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বাধ্য হম । দৰং জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মঙলদৈ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সংলগ্ন বিষয়া দেবাংগন শৰ্মাৰ হাতত তেওঁ লোকৰ দাবী সম্বলিত স্মাৰক প্ৰদান কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, জিলা কংগ্ৰেছৰ সভাপতি কামেনী ডেকা, জিলা কংগ্ৰেছৰ সম্পাদক কন্দৰ্প কলিতা, মঙলদৈ টাউন মণ্ডলৰ সভাপতি ৰাকেশ বৰুৱা সহ বহু কেইগৰাকী নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।