জাজৰিত ড্ৰাগছৰ বিৰুদ্ধে শান্তি সমদল আৰু নাগৰিক সভা

23
 জাজৰিত ড্ৰাগছৰ বিৰুদ্ধে শান্তি সমদল আৰু নাগৰিক সভা
দুৰ্নীতিৰ দৰ্পণ,আবুল হুছেইন, টুকটুকী ,২১ জুলাই : বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰী গুলেস্তান পট্টিত ড্ৰাগছৰ বিৰুদ্ধে শান্তি সমদল।পবিত্ৰ ঈদুজ্জোহা উপলক্ষে গাওঁ খনত খেল ধেমালিৰ পৰিবৰ্তে গাৱঁৰ যুৱক যুৱতী পুৰুষ মহিলা উলাই আহিছে এক ব্যতিক্রমী ৰূপত । মাৰাত্মক ড্ৰাগছৰ কৰাল গ্ৰাসত নৱপ্ৰজন্ম ধাৱমান হোৱাৰ সময়ত বিশেষকৈ জাজৰিৰ কেইবাগৰাকী যুৱকৰ মৃত্যু হৈছে মাৰাত্মক ড্ৰাগছ সেৱনৰ ফলত । যাৰ বাবে এই সকল উঠি অহা নৱপ্ৰজন্মৰ লগতে গাওঁখনৰ সমাজ সচেতন ব্যক্তিয়ে সমাজত এটা বাৰ্তা দিব বিচাৰিছে যে ড্ৰাগছৰ বিৰুদ্ধে সকলো ব্যক্তিয়ে সচেতন হব লাগে আৰু সমাজ সচেতন হলে ড্ৰাগছ নিৰ্মূল হব । যাৰ বাবে এই সকল পুৰুষ মহিলা যুৱক যুৱতীয়ে ঈদৰ আনন্দ উল্লাসৰ বিপৰীতে ড্ৰাগছৰ বিৰুদ্ধে শান্তি সমদল উলিয়াই প্ৰায় তিনি কিলোমিটাৰ পথ অতিক্রম কৰি শান্তি সমদলত অংশ গ্ৰহণ কৰে ।উক্ত কাৰ্য্যসূচীৰ পাছত সমাজকমী আবুল খায়েৰ সভাপতিত্ব এখন নাগৰিক সভা অনুষ্ঠিত হৈ যায়।সভাখনত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মিন্নাতুলা ইছলাম  নগাঁও জিলাৰ সাহিত্য সভাৰ উপ সভাপতি থগীত মহন্ত বড়ীবজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্রাপ্ত বিষয়া মুনিন্দ্ৰ ডেকা প্ৰবক্তা ড, নাজমা বেগম,সাংবাদিক আবুল হুছেইন আৰু শিক্ষক বক্তৰ হুছেইন,আব্দুল হাচিম,ছফিকুল হক,অৱতাব উদ্দিন আহমেদ,মুকিবুৰ ৰহমান ইউনুচ আলীৰ লগতে ভালে সংখ্যক সচেতন ব্যক্তিসকল উপস্থিত থাকে। গুলেস্তানী সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মুকিবুদ্দিন আহমেদ, সম্পাদক তৈয়বুৰ ৰহমান আৰু বিষয় ববীয়া সকলে এই পদক্ষেপ লোৱা বাবে সকলোৱে ধন্যবাদ জ্ঞাপন কৰে।