জামুগুৰিহাটত জাতীয় পতাকা বনোৱাত ব্যস্ত মহিলা , গ্ৰামীন জীৱিকা অভিযানৰ পতাকা বিপনন কেন্দ্ৰ মূকলি খণ্ড উন্নয়ন বিষয়াৰ 

32
জামুগুৰিহাটত জাতীয় পতাকা বনোৱাত ব্যস্ত মহিলা , গ্ৰামীন জীৱিকা অভিযানৰ পতাকা বিপনন কেন্দ্ৰ মূকলি খণ্ড উন্নয়ন বিষয়াৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৬ জুলাইঃ দেশৰ স্বাধীনতাৰ ৭৫ বছৰত এইবাৰ ঘৰে ঘৰে উৰিব জাতীয় পতাকা । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বানৰ পাছতে এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰা হৈছে জাতীয় পতাকা । জামুগুৰিহাটতো পঞ্চায়ত গামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মহিলা সকলে জাতীয় পতাকা নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে । ইতিমধ্যে আত্মসহায়ক গোট সমুহে তৈয়াৰ কৰি উলিয়াইছে ২০০০ খনৰো অধিক পতাকা । এই উপলক্ষে আজি জামুগুৰিহাটৰ এটি পতাকা বিপনন কেন্দ্ৰ মুকলি কৰি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে তিনি দিনিয়াকৈ প্ৰত্যেক ঘৰ মানুহে নিজৰ নিজৰ ঘৰত একোখন পতাকা উৰাব পৰাকৈ যোগান ধৰিবৰ বাবেই পতাকা সমুহ তৈয়াৰ কৰি থকা দেখা গৈছে । উক্ত পতাকা বিপনন কেন্দ্ৰটি আজি ৰঙা ফিটা কাতি মুকলি কৰে নদুৱাৰ খণ্ড উন্নয়ন বিষয়া বিপুল বৰাই ৷ গাঁও পঞ্চায়তৰ সভাপতি ও আঞ্চলিক সদস্য সকলৰ লগতে আত্মসহায়ক গোটৰ সদস্যা সকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা আৰু বহুকেইগৰাকী গন্য মান্য ব্যক্তিয়ে ৷