জামুগুৰিহাটত বৃহৎ ব্যৱসায় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ 

19
জামুগুৰিহাটত বৃহৎ ব্যৱসায় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৭ জুলাইঃ জামুগুৰিহাটৰ পৌৰসভা এলেকাত আজি প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হব লগীয়া বৃহৎ ব্যৱসায় গৃহৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ এই সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে- আজি আধাৰশিলা স্থাপন কৰা তথা নিৰ্মান কাৰ্য্য শুভাৰম্ভ হোৱা ব্যৱসায় গৃহটি আগুন্তুক তিনি মাহৰ ভিতৰত সম্পুৰ্ণ হৈ উঠিব ৷ নতুন কৈ গঠন হোৱা জামুগুৰি পৌৰ সভাই নিজৰ এলেকাটোক গ্ৰীন জামুগুৰি ক্লীন জামুগুৰি হিচাবে গঢ়ি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷ জামুগুৰি পৌৰসভা এলেকাৰ সকলোবোৰ পথ উন্নত প্ৰযুক্তিৰে নিৰ্মানৰ বাবে প্ৰায় চাৰি কোটি টকা আৱন্টন লাভ কৰিছে ৷ বিধায়ক গৰাকীয়ে জামুগুৰি পৌৰসভা এলেকাৰ সকলোবোৰ আচনি সফল ৰূপানৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগীতা কামনা কৰে  ৷ আধাৰশিলা অনুষ্ঠানটিত নদুৱাৰ ৰাজহচক্ৰ বিষয়া আকাশদ্বীপ কাকতি – নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা- কনিষ্ঠ অভিযন্তা অভিজিৎ ভট্টাচাৰ্য- পৌৰপতি পল্লবিতা গোস্বামী মহন্ত- উপ পৌৰপতি অঞ্জন কলিতাৰ লগতে ৱাৰ্ড সদস্য সকলে অংশগ্ৰহণ কৰে ।