জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ অতিথি শালাত অগ্নিগড় নাটঘৰৰ উদ্যোগত এমহীয়া গ্ৰীষ্মকালীন খোল বাদনৰ কৰ্মশালা

37

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ অতিথি শালাত অগ্নিগড় নাটঘৰৰ উদ্যোগত এমহীয়া গ্ৰীষ্মকালীন খোল বাদনৰ কৰ্মশালা , কণ কণ শিশুৰ লগতে যুৱতিও অংশগ্ৰহণ কৰে এই বিশেষ গ্ৰীষ্মকালীন খোল বাদন কৰ্মশালাত

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৯ জুলাইঃ গুৰুজনাৰ অমৰ সৃষ্টী ধৰি ৰখাৰ প্ৰয়াস জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নাগশংকৰ অগ্নিগড় নাটঘৰৰ । নৱ প্ৰজন্মৰ মাজত সাংস্কৃতিক বিল্পৱ সূচনা কৰাই মূল উদ্দেশ্য অগ্নিগড় নাটঘৰৰ । বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অগ্নিগড় নাটঘৰৰ উদ্যোক্তাসকলে আয়োজন কৰিছিল এমহীয়া গ্ৰীষ্মকালীন খোল বাদনৰ বিশেষ কৰ্মশালা । অগ্নিগড় নাটঘৰে প্ৰতিবছৰে শিশু সকলৰ মাজত অনুষ্ঠিত কৰে এই বিশেষ সাংস্কৃতিক কৰ্মশালা । বহু কেইগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষন প্ৰদান কৰা এই খোল বাদন কৰ্মশালাত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ অতিথি শালাৰ মঞ্চত অনুষ্ঠিত হয় কৰ্মশালাখনি । অনুষ্ঠানত নাগশংকৰ জিলা পৰিষদৰ সদস্য তথা ভাওনা পৰিচালনাৰ সভাপতি হিতেশ বৰুৱাৰ লগতে বহু সংখ্যক গন্য মান্য ব্যক্তিৰ উপস্থিতিত কন কন শিশুৰ উপৰিও যুৱতি সকলেও গুৰুজনাৰ অমৰ সৃষ্টি খোল বাদন পৰিৱেশন কৰা দেখা যায় । ইয়াৰোপৰি অহা ছেপ্তেম্বৰ মাহত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অংকীয়া ভাওনাৰো আয়োজন কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা কমিটিয়ে । তাৰে ভিতৰত এখনি ব্যতিক্ৰমী শিশু নাট ভাওনাৰো আয়োজন কৰিছে উদ্যোক্তাসকলে ।