জামুগুৰিহাটৰ পশ্চিম জামুগুৰি কলা পৰিষদৰ উদ্যোগত শিশু নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা

25
জামুগুৰিহাটৰ পশ্চিম জামুগুৰি কলা পৰিষদৰ উদ্যোগত শিশু নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২০ জুলাই : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পশ্চিম জামুগুৰি কলা পৰিষদ ভৱন প্ৰাঙ্গনত পশ্চিম জামুগুৰি কলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা এমাহযোৰা শিশু নাট কৰ্মশালাভাগ সম্পন্ন হয় । উক্ত শিশু নাট কৰ্মশালাভাগৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা । বিধায়কগৰাকীয়ে আদৰণী ভাষন প্ৰসংগত কয় যে – নাটকৰ্মশালাৰ জৰিয়তে কন কন শিশুসকলৰ যি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ বিকাশ কৰি অভিনয়ৰ জৰিয়তে এগৰাকী ভাল অভিনেতা-অভিনেত্ৰী, শিল্পী হিচাপে প্ৰতিষ্ঠিত হ’বৰ কাৰণে এক সুন্দৰ পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে । কন কন শিশুসকলে প্ৰদৰ্শন কৰা নাটভাগে সকলো দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । শিশু নাট কৰ্মশালাভাগৰ সামৰণি অনুষ্ঠানত বিধায়কগৰাকীৰ লগত উপস্থিত থাকে নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, জামুগুৰি ক্ৰিড়া সন্থাৰ সভাপতি গৌতম লাহনৰ লগতে বিশিষ্ট ব্যক্তিসকল ।