জামুগুৰিহাটৰ মধ্য নাগশংকৰ গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন

30
জামুগুৰিহাটৰ মধ্য নাগশংকৰ গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২১ জুলাইঃ জামুগুৰিহাটৰ সমিপৱৰ্তী তথা চতিয়া সমষ্টিৰ অন্তৰ্গত মধ্য নাগশংকৰ গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ চৌহদত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ নেতৃত্বত অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে । শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ “সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া” এই বানীক উদ্দেশ্য কৰি আজি নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাই কয় যে – “গছ থাকিলেহে মানুহ থাকিব । গতিকে আজিৰ পৰাই সকলোৱে ঘৰত এজোপা গছপুলি ৰোপন কৰি যত্ন লৈ প্ৰতিপাল কৰাতো আমাৰ দ্বায়িত্ব ।” আজি পঞ্চায়তৰ কাৰ্য্যালয়ৰ চাৰিও সীমাতে ৭৫ জোপা উন্নত প্ৰজাতিৰ গছ পুলি ৰোপন কৰে নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা, মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ নাথ, ৱাৰ্ডৰ সদস্য-সদস্যা সকলৰ লগতে অঞ্চলবাসী ৰাইজে ।