জীয়াই থাকিবলৈ কাৰ নো হেপাহ নাই 

    22
    জীয়াই থাকিবলৈ কাৰ নো হেপাহ নাই
     হাফিজ গিয়াছউদ্দিন আহমেদ
    এই পৃথিবীত জীয়াই থাকিবলৈ সকলোৱে বিচাৰে। জীয়াই থাকিবলৈ কিনো নকৰে মানুহে। কিন্তু যিমানেই যি নকৰক কিয় এই পৃথিবীৰ মায়া এৰি থৈ এদিন হলেও যাবই লাগিব৷ মানুহে সুস্থভাবে জীবন যাপন কৰিবলৈ শৰীৰৰ সকলো ধৰণৰ যত্ন লয়৷ গৰমৰ দিনত গৰম সহ্য কৰিব নোৱাৰাৰ বাবে এচি ব্যবহাৰ কৰে। ঠান্ডা দিনত ঠান্ডা সহ্য কৰিব নোৱাৰাৰ বাবে গৰম হিটাৰ ব্যবহাৰ কৰে। মুঠতে কষ্টকৰ জীৱনৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে আধুনিক বস্তু ব্যবহাৰ কৰি আহিছে। মৃত্যুৰ পৰা বাচিবলৈ মানুহে সকলো ধৰণৰ কাম কৰিব লৈয়ো প্ৰস্তুত। কিন্তু মৃত্যুৰ কোনেওঁ হাত সাৰি যাব নোৱাৰিব। যাৰ যিমান দিন এই পৃথিবীত আয়ু (হায়াৎ) সিমান দিন হে এই পৃথিবীত জীয়াই থাকিবলৈ পাব।
    জীয়াই থাকিবলৈ সকলোৰে হেপাহ কিন্তু নিয়তিৰ ওচৰত জীয়াই থকাৰ সকলো হেপাহ এদিন হাৰ মানিব লাগিব। মানুহ জীয়াই থাকিবলৈ যিমান চেষ্টা কৰে সেই চেষ্টা যদি মানৱ সমাজৰ কল্যাণৰ  কাৰণে কিবা এটা কৰি থৈ গলেহেতেন নিশ্চয়ই মৃত্যুৰ পিছতো তেওঁক সমাজে স্মৰণ কৰিলে হেতেন। সমাজৰ কল্যাণৰ কাৰণে কিবা এটা কৰিবলৈ ইচ্ছা কৰিলে কৰিব পাৰিব। মৃত্যুৰ পৰা যে হাত সাৰি যাব নোৱাৰিব জানিও মৃত্যুৰ পৰা বাছিবলৈ আপ্রাণ চেষ্টা কৰে। আহক আমি সকলোৱে মৃত্যুৰ আগতে সমাজৰ কল্যাণৰ হকে কিবা এটা কৰ্ম কৰি থৈ যাবলৈ চেষ্টা কৰো। যাতে মৃত্যুৰ পিছতো সমাজে আমাক কিছুদিনৰ কাৰণে স্মৰণ কৰে। মানুহ মৰণশীল।মানুহৰ কৰ্ম কিন্তু মৰণশীল নহল। মানুহ এই পৃথিবীত জীয়াই নাথাকিব পাৰে। কিন্তু মানুহৰ কৰ্ম সদায় জীয়াই থাকিব।