জৰাজীৰ্ণ কেটেতং-চাইডিং সংযোগী পথে জ্বলাকলা খুৱাইছে স্থানীয় ৰাইজক

21
জৰাজীৰ্ণ কেটেতং-চাইডিং সংযোগী পথে জ্বলাকলা খুৱাইছে স্থানীয় ৰাইজক
দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটা পৰা বিকাশ বৰুৱা , ২৭ জুলাইঃ মাৰ্ঘেৰিটা আৰু ডিগবৈ দুয়োটা বিধানসভাৰ অন্তৰ্গত কেটেতং-চাইডিং সংযোগী জৰাজীৰ্ণ বিধস্ত পথছোৱাই জ্বলাকলা খুৱাইছে উক্ত পথত যাতায়ত কৰা সাধাৰণ পথছাৰীক । পথছোৱা সাধাৰণ পথছাৰী বাবে এতিয়া হৈ পৰিছে এক মৰণ ফাণ্ড সদৃশ । সদা ব্যস্ত উক্ত পথছোৱাইদি বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি নিতৌ শ শ লোক অহা যোৱা কৰিব লগা হোৱা উপৰিও উক্ত পথছোৱাইদিয়েই বহু সংখ্যক কেঁচা চাহপাত কঢ়িওৱা গাড়ীও অহা যোৱা কৰিব লগা হয় । দৈনিক শ শ লোকে যাতায়ত কৰিব লগা পথছোৱা মাজত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতৰ বাবে এতিয়া পথছাৰীয়ে তীব্ৰ সমস্যাত ভুগিব লগা হৈছে ৷ উল্লেখ যে , যোৱা কিছু বছৰৰ পূৰ্বে পথছোৱা কিছু অংশ (ডিগবৈ বিধানসভা সমষ্টি অন্তৰ্গত) প্ৰধানমন্ত্ৰী গ্ৰাম্য চৰক যোজনাৰ অধিনত নিৰ্মাণ কৰা হৈছিল যদিও কিছু অংশ(মাৰ্ঘেৰিটা বিধানসভা সমষ্টি অন্তৰ্গত) নিৰ্মাণ কৰাৰ পৰা বাদ পৰি গৈছিল । উক্ত বাদ পৰি যোৱা অংশ বৰ্তমান পুখুৰী সদৃশ হৈ পৰা লগতে যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে । আনহাতে , পথছোৱা বাকী অংশও প্ৰায় জহিখহি যাৱলৈ আৰম্ভ কৰিছে । স্থানীয় ৰাইজে অতি শীৰ্ঘ্ৰে সম্পূৰ্ণ পথছোৱা(সমষ্টি ভিৰ্তীত নহয়)একে লগতে নিৰ্মাণ কৰিবলৈ দাৱী জনাইছে ।অন্যথা ৰাইজে পথ নিৰ্মাণৰ দাৱীত পথ বন্ধ দৰে কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰিছে।