জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাৱী মাৰ্ঘেৰিটা মাইচাংপানী গাওবাসীৰ 

28
জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাৱী মাৰ্ঘেৰিটা মাইচাংপানী গাওবাসীৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটা , ৫ আগষ্টঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাৰ মহকুমা অন্তৰ্গত মাইচাংপানী গাঁওবাসীক এটি জৰাজীৰ্ণ পথে বাৰিষা কালত বছৰ বছৰ ধৰি জীয়াতু ভোগাই আহিছে । চৰকাৰে ৰাজ্যৰ বাট-পথ উন্নয়ণৰ কথা যিমানেই নকওঁক কিয় , এতিয়াও ৰাজ্যৰ একাংশ ভিতৰুৱা গাঁৱৰ বাট পথ জৰাজীৰ্ণ বোকাময় হৈয়ে আছে । মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ইনথেম গাঁও পঞ্চায়তৰ দুই নং আৰু তিনি নং ৱাৰ্ডৰ মাইচাংপানী গাঁৱৰ ৰাইজে এটি জৰাজীৰ্ণ পথৰ বাবে প্ৰতিটো বাৰিষাতে জীয়াতু ভুগি আহিছে । স্বাধীনতা লাভৰ পিছৰে পৰা ৰাইজে বসবাস কৰি অহা গাঁওখনৰ পথটো দেখিলে আপোনাৰো চকু কপালত উঠিব । বোকা-পানী গচকি কণ-কণ ছাত্ৰ-ছাত্ৰীৰে নিতৌ বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হয় উক্ত পথটোৱে । এজাক বৰষুণত একাঠু পানীত এনেদৰে অহা যোৱা কৰে সব সাধাৰণ ৰাইজে । ইনথেম মাইচাংপানী হৈ ডুমপানী সংযোগী পথটোৰ বাবে গাঁওবাসীয়ে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও আজি পৰ্য্যন্ত কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰা দেখা গৈছে গাঁওবাসী । উল্লেখ্য যে , কৃষি প্ৰধান গাঁৱখনৰ ৰাইজে একাঠু বোকা গছকী চাইকেল ঠেলি বজাৰলৈ যাবলগীয়া হয় । কিন্তু এই পথটোৰ দুৰৱস্থাৰ বাবে  চাইকেলেৰে নি গাড়ীত উঠোৱালৈকে বহু সমস্যাৰ সন্মুখীন হৈছে ক্ষুদ্ৰ খেতিয়কলে । অতি শীঘ্ৰে এই পথটো নিৰ্মাণ কৰি ৰাইজক যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক ৰাইজে আহ্বান  জনাইছে ।