ডবকাৰ চাংমাজিত কৃষি বিভাগৰ উদ্যোগত বিনামূলীয়া বীজ বিতৰণ

22
ডবকাৰ চাংমাজিত কৃষি বিভাগৰ উদ্যোগত বিনামূলীয়া বীজ বিতৰণ
জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ১৬ জুলাইঃ আজি ডবকাৰ চাংমাজিত হোজাই জিলা কৃষি বিভাগৰ উদ্যোগত বিনামূলীয়া বীজ বিতৰণ কৰা হয়৷ জিলা কৃষি বিষয়াই এক বিবৃতিযোগে সদৰি কৰা মতে, হোজাই জিলা কৃষি বিভাগৰ উদ্যোগত চাংমাজিত আজি এখন সভা অনুষ্ঠিত হয়৷ এই সভাত বানাক্ৰান্ত অঞ্চলৰ কৃষক ৰাইজৰ মাজত বিনামূলীয়া শালি ধানৰ (বীনা -১০ জাতৰ) বীজ বিতৰণ আঁচনি শুভাৰম্ভ কৰে ৰেংবেং কৃষি উন্নয়ন বিষয়া অবিনাশ কলিতাই ৷ সভাত সহকাৰী কৃষি পৰিদৰ্শক প্ৰফুল্ল বাগলাৰী, কৃষি সম্প্ৰসাৰণ সহায়ক ৰমজান আলী ভূঞা, নুৰছাদ উদ্দিন আহমেদৰ লগতে কৃষি বিভাগৰ মিডিয়া এক্সপাৰ্ড চন্দা সিং উপস্থিত থাকে৷ যমুনামুখ সমষ্টিৰ অন্তৰ্গত চাংমাজি পঞ্চায়তৰ ১২০ গৰাকী কৃষক ৰাইজৰ মাজত আজি বিনামূলীয়া ধানৰ বীজ বিতৰণ কৰা হয় ৷