ডিব্ৰুগড়ত অসুস্থ হোৱা জুবিন গাৰ্গক এয়াৰ এম্বুলেন্সেৰ জৰিয়তে গুৱাহাটীলৈ প্ৰেৰণ

32
ডিব্ৰুগড়ত অসুস্থ হোৱা জুবিন গাৰ্গক এয়াৰ এম্বুলেন্সেৰ জৰিয়তে গুৱাহাটীলৈ প্ৰেৰণ
দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড়, ২০ জুলাই :”হাৰ্ট থ্ৰব ” জুবিন গাৰ্গ অসুস্থ হৈ পৰাত সমগ্র ৰাজ্যৰ অনুৰাগীসকল উদ্বিগ্ন হৈ পৰিছে।  বাতৰি যুগুত কৰাৰ পৰত প্ৰিয় শিল্পীজনক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সৰ জৰিয়তে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, মংগলবাৰে ডিব্ৰুগড় মনোহাৰী ৰিজৰ্টৰ স্নানাগাৰত পৰি মূৰত আঘাতপ্ৰাপ্ত হৈ সঞ্জীৱনী হস্পিতালত নিশাই ভৰ্তি কৰোৱা হৈছিল জুবিনক। মূৰত ছটাকৈ চিলাই পৰা জুবিনক ৰাজ্য চৰকাৰৰ তৎপৰতাত আজি বিয়লি ৩ বজাত এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ লৈ যোৱা হয়। ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ উপস্থিতিত জনপ্ৰিয় শিল্পীগৰাকীক কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় জুবিনক। সম্প্ৰতি জুবিনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জনাইছে। অৱশ্যে জুবিনৰ দেহত ছডিয়ামৰ পৰিমান হ্ৰাস পোৱাত কিছু জিৰণীৰ প্ৰয়োজনীয়তাৰ কথা জনাইছে চিকিৎসকে। উল্লেখযোগ্য যে, জোনাইত অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অধিৱেশনৰ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে কালি বাহৰ পাতি আছিল মোহনবাৰীৰ মনোহাৰী ৰিজৰ্টত।এতিয়া মৰমৰ শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰি অনুৰাগীসকলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে  ভগৱানক প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে।