তামাৰহাটত পানীৰ তলত শ শ বিঘা শালি ধানৰ খেতি , কৃষকৰ মাজত হাহাকাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , তামাৰহাট , ৫ জুলাই : ধুবুৰী জিলাৰ আগমনি ৰাজহ চক্ৰৰ অসম বংগ সীমান্তৰ কেইবাখনো গাঁৱৰ শ শ কৃষিভূমি পানীৰ তলত থকাৰ বাবে এতিয়া কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে , অসম- বংগ সীমান্তৰে বৈ যোৱা গংগাধৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে অঞ্চল টোৰ শ শ কৃষি ভূমি।আনকি বাঢ়নী পানীয়ে কঢ়িয়াই অনা বালি আৰু পলশে সগুনচৰা ঘৃতিঙাকুটি গাৰোপাৰা আদি গাঁৱৰ শ শ বিঘা কৃষি ভূমিৰ বিস্তৰ ক্ষতি সাধন কৰে । যাৰ ফলত অঞ্চলটোৰ কৃষিৰ ওপৰত নিৰ্ভৰ শীল কৃষকে এতিয়া মূৰে কপালে হাত দিব লাগা হৈছে । মুৰৰ ঘাম মাটিত পেলাই এই শালি ধানৰ খেতি কৰিছিল কৃষকে। কিন্তু শেহতীয়াকৈ হৈ যোৱা বান পানীৰ ফলত কৃষকৰ সপোনৰ শালি ধানৰ খেতি তচনচ কৰি পেলোৱাত এই বেলি পৰিয়াল পোহপাল দিব কেনেকৈ তাক চিন্তিত হৈ পৰিছে অঞ্চল টোৰ কৃষক সকল । ইয়াৰোপৰি বানপানীয়ে শালি ধানৰ কঠীয়া সমূহ নষ্ট কৰি পেলোৱাত পূনৰ কঠিয়া ৰুবলৈ কঠিয়া পাব ক’ত তাক লৈ বিপাঙত পৰিছে কৃষক সকল। বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধি আহি এতিয়ালৈকে কৃষকৰ খবৰ লবলৈ আৰহি পোৱা নাই। শ শ বিঘা শালি ধানৰ খেতি এনেদৰে নষ্ট হোৱাত সৰ্বহাৰা কৃষক সকলে অতি সোনকালে ক্ষতিপূৰণ বাবে চৰকাৰৰ ওচৰত অনুৰোধ জনায় ।